অসম

assam

By

Published : Jun 10, 2021, 12:30 PM IST

ETV Bharat / state

কাকীৰ উচ্ছেদ অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুছলিম ছাত্ৰ সন্থাৰ

হোজাইৰ কাকী অঞ্চলত উচ্ছেদ অভিযানৰ বিৰুদ্ধে সৰৱ মুছলিম ছাত্ৰ সন্থা । অতিমাৰী কৰ’ণাৰ সময়ত চৰকাৰৰ এই সিদ্ধান্ত কিমান যুক্তিসংগত বুলি প্ৰশ্ন উত্থাপন কৰিছে মুছলিম ছাত্ৰ সন্থা, অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে ।

Muslim Student Union
হোজাই কাকীৰ উচ্ছেদ অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুছলিম ছাত্ৰ সন্থাৰ

হোজাই,10 জুন :হোজাইৰ কাকী অঞ্চলত উচ্ছেদ অভিযানৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুছলিম ছাত্ৰ সন্থা(Muslim Student Union) অসমে । এফালে অতিমাৰী কৰ’ণাৰ সময়ত চৰকাৰে ঘৰত থাকিবলৈ নিৰ্দেশ দিয়ে, আনফালে মুছলমানক টাৰ্গেট কৰি নিজ ঘৰৰ পৰা উচ্ছেদ কৰিছে বুলি অভিযোগ মুছলিম ছাত্ৰ সন্থাৰ । এই উচ্ছেদ কিমান যুক্তিসংগত বুলি প্ৰশ্ন কৰিছে মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে ।

হোজাই কাকীৰ উচ্ছেদ অভিযানৰ প্ৰতিক্ৰিয়া প্ৰকাশ মুছলিম ছাত্ৰ সন্থাৰ

অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ মুছলিম ছাত্ৰ সন্থা(Muslim Student Union), অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে আহ্বান জনাই কয় যে প্ৰথমে সংস্থাপন দিয়ক, পিছত উচ্ছেদ কৰক । অসমত কৰ’ণাৰ কবলত পৰি প্ৰতি সপ্তাহত শ শ লোকৰ মৃত্যু হৈছে ৷ তেনে সময়ত এই ভূমিহীন, গৃহহীন লোকসকলক উচ্ছেদৰ জাননী দিয়াটো চৰম অমানৱীয় আৰু হঠকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰে আশ্বিক ৰাব্বানীয়ে ৷ এই লোকসকলক সংস্থাপিত কৰাটো চৰকাৰৰ দায়িত্ব । তাকে নকৰি উচ্ছেদৰ জাননীৰে চৰম সংকট তথা মৃত্যুৰ মুখলৈ ঠেলি দিয়াটো কেতিয়াও সমৰ্থনযোগ্য হ'ব নোৱাৰে বুলি মত প্ৰকাশ কৰে সাধাৰণ সম্পাদক গৰাকীয়ে ।

উল্লেখ্য যে, আশ্বিক ৰাব্বানীয়ে চৰকাৰক অতি সোনকালে এই উচ্ছেদিত লোকসকলক উপযুক্ত ক্ষতিপূৰণসহ পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় । অন্যথা ভাৰতীয় নাগৰিকৰ ওপৰত কৰা অমানৱীয় উচ্ছেদ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলি কয় মুছলিম ছাত্ৰ সন্থা(Muslim Student Union) অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে ।

লগতে পঢ়ক : অসম আৰক্ষীত নিযুক্তি দিয়া হ'ব 12,000 নিৱনুৱাক

ABOUT THE AUTHOR

...view details