হোজাই,29 এপ্ৰিল: অসম ৰাজ্যিক শিক্ষা বিভাগৰ শেহতীয়া অধিসূচনা মৰ্মে আৰু হোজাই জিলাত বিগত দহটা দিনত ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা তিনিশৰো অধিক হোৱাত হোজাই জিলাৰ উপায়ুক্ত ডা৹ সদনেক সিঙে জিলাখনৰ চৰকাৰী, বেচৰকাৰী শিক্ষানুষ্ঠানৰ লগতে মহাবিদ্যালয়, কোচিং প্রতিষ্ঠানসমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ 28 এপ্ৰিলত উপায়ুক্ত গৰাকীয়ে জনোৱা মতে, 12 মে'লৈকে সকলো শিক্ষানুষ্ঠানৰ লগতে ছাত্ৰাৱাসমূহ বন্ধ থাকিব ৷
12 মে'লৈকে বন্ধ হোজাইৰ সকলো শিক্ষানুষ্ঠান - অসম ৰাজ্যিক শিক্ষা বিভাগ
অসম ৰাজ্যিক শিক্ষা বিভাগৰ শেহতীয়া অধিসূচনা মৰ্মে 12 মে' লৈকে বন্ধ হোজাইৰ সকলো শিক্ষানুষ্ঠানৰ লগতে ছাত্ৰাৱাস সমূহ ৷ হোজাই জিলাত বিগত দহটা দিনত ক’ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা তিনিশৰো অধিক হোৱাত হোজাই জিলাৰ উপায়ুক্ত ডা৹ সদনেক সিঙে প্রতিষ্ঠানসমূহলৈ প্ৰেৰণ কৰিছে নিৰ্দেশনা ৷
![12 মে'লৈকে বন্ধ হোজাইৰ সকলো শিক্ষানুষ্ঠান 12 মে'লৈকে বন্ধ হোজাইৰ সকলো শিক্ষানুষ্ঠান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11577109-834-11577109-1619678350459.jpg)
12 মে'লৈকে বন্ধ হোজাইৰ সকলো শিক্ষানুষ্ঠান
12 মে'লৈকে বন্ধ হোজাইৰ সকলো শিক্ষানুষ্ঠান
সেই অনুসৰিয়ে বৃহস্পতিবাৰৰ পৰা জিলাখনৰ সকলো ধৰণৰ শিক্ষানুষ্ঠান বন্ধ হৈ পৰে । ইয়াৰ লগতে হোজাই জিলাৰ লংকা শংকৰদেৱ বিদ্যা নিকেতনৰ অধ্যক্ষ চৈতন্য ৰায়ে ছাত্র-ছাত্ৰীসকলৰ লগতে ৰাইজক ক’ভিড-19 ৰ সকলো চৰকাৰী নীতি-নিয়ম সূচাৰুৰূপে মানি চলিবলৈ আহ্বান জনায় । অৱশ্যে শিক্ষার্থীসকলৰ বাবে অনলাইনযোগে পাঠদান প্রক্রিয়া অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে ।