হোজাই, 16 মাৰ্চ : নিবনুৱা সমস্যা সমাধানৰ বাবে আজমলফাউণ্ডেশ্যনৰ এক বিশেষ পদক্ষেপ ৷ হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত মুকলি কৰা হ’ব আজমল আইএএছ একাডেমি (Ajmal IAS Academy to be opened in Hojai)। দিল্লীৰ পৰা প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকক আনি ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ’ব এই কেন্দ্ৰত আইএএছ পৰীক্ষাৰ প্ৰশিক্ষণ ।
জানিব পৰা মতে, ৰাজ্যখনৰ বিভিন্ন ঠাইত 20 মাৰ্চত অনুষ্ঠিত হ’ব এই কেন্দ্ৰৰ বাবে শিক্ষাৰ্থী নিৰ্বাচনী প্ৰক্ৰিয়া । মঙলবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰে, আজমল ফাউণ্ডেশ্যনৰ ন্যাসৰক্ষী তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলে ৷ তেওঁ কয় যে, ইচ্ছুক শিক্ষার্থীসকলে আজমল ফাউণ্ডেশ্যনৰ ৱেবচাইটৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণ কৰিব পাৰিব ৷
আজমল ফাউণ্ডেশ্যন কৰ্তৃপক্ষই সদৰী কৰা অনুসৰি, IAS পৰীক্ষাৰ বাবে আজমল ফাউণ্ডেশ্যনে মুঠ 20 গৰাকী পৰীক্ষাৰ্থীক বাচনি কৰিব ৷ লগতে অন্যান্য শিতানৰ বাবে বাচনি কৰিব আন 30 গৰাকী শিক্ষাৰ্থী ৷