অসম

assam

ETV Bharat / state

গৃহহীন পৰিয়ালৰ বাবে আজমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ - গৃহহীন পৰিয়ালৰ বাবে আজমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ

প্ৰতিটো পৰিয়ালক 2 লাখ টকা ব্যয় সাপেক্ষে মুঠ ২৪ লাখ টকা ব্যয়েৰে একোটাকৈ পকীঘৰ নিৰ্মাণ কৰি দিব আজমল ফাউণ্ডেচনে ৷ যাৰ পৰিপ্ৰেক্ষিতত ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে শনিবাৰে আজমল ফাউণ্ডেচনৰ এটা দল উপস্থিত হয় ডবকাৰ সুতাৰ গাঁৱত ৷

Ajmal Foundation's commendable initiative for homeless families
গৃহহীন পৰিয়ালৰ বাবে আজমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : Sep 19, 2020, 10:32 PM IST

হোজাই,19 ছেপ্তেম্বৰঃদৰিদ্ৰ লোকৰ জীৱনলৈ আশা কঢ়িয়াই আজমল ফাউণ্ডেচনে গ্ৰহণ কৰিছে আন এক প্ৰশংসনীয় পদক্ষেপ ৷ আশ্ৰয়হীন তথা বাসগৃহ নথকা ১২ টাকৈ দৰিদ্ৰ পৰিয়ালক নিৰ্মাণ কৰি দিয়া হ'ব বাসগৃহ ৷ প্ৰতিটো পৰিয়ালক 2 লাখ টকা ব্যয় সাপেক্ষে মুঠ ২৪ লাখ টকা ব্যয়েৰে একোটাকৈ পকীঘৰ নিৰ্মাণ কৰি দিব আজমল ফাউণ্ডেচনে ৷ যাৰ পৰিপ্ৰেক্ষিতত ফাউণ্ডেচনৰ মুখ্য ন্যাসৰক্ষী মৌলানা বদৰুদ্দিন আজমল আৰু চিৰাজুদ্দিন আজমলৰ নিৰ্দেশমৰ্মে শনিবাৰে আজমল ফাউণ্ডেচনৰ এটা দল উপস্থিত হয় হোজাই জিলাৰ ডবকাৰ সুতাৰ গাঁৱত ৷

গৃহহীন পৰিয়ালৰ বাবে আজমল ফাউণ্ডেচনৰ প্ৰশংসনীয় পদক্ষেপ

দলটোত আছিল ফাউণ্ডেচনৰ ডিৰেক্টৰ ডঃ খছৰুল ইছলাম ,প্ৰবন্ধক এম আৰ এইচ আজাদ ,হাম চিকিৎসালয়ৰ প্ৰশাসনিক বিষয়া মানিক তালুকদাৰৰ লগতে কেইবাগৰাকীও বিষয়া ৷ আনহাতে দলটোৱে গাঁৱখনত উপস্থিত হৈয়েই গৃহহীন দৰিদ্ৰ পৰিয়ালকেইটাৰ বাসগৃহৰ আধাৰশিলাও স্থাপন কৰে ৷ আজমল ফাউণ্ডেচনৰ এই প্ৰশংসনীয় পদক্ষেপক এতিয়া শলাগ লৈছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়কঃসেউজ বনানীকৰণ আঁচনিৰ নামত গহপুৰত ব্যাপত দুৰ্নীতি

ABOUT THE AUTHOR

...view details