হোজাই,১৬ মাৰ্চ:"দ্য়া কাশ্মীৰ ফাইলচ"(The Kashmir Files) হিন্দী ছবিখনৰ সন্দৰ্ভত মন্তব্য বদৰুদ্দিন আজমলৰ । কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰিব লাগে ছবিখন । ছবিখনে সাম্প্ৰদায়িক বিষবাস্প বিয়পাব বুলি মন্তব্য বদৰুদ্দিন আজমলৰ (Badruddin Ajmal demands ban on The Kashmir Files) । ছবিখন বন্ধ কৰিবলৈ প্ৰধানমন্ত্ৰীকে ধৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীক আহ্বান আজমলৰ ।
ছবিখন চোৱাৰ পাছত মুছলমানক মুকলিকৈ গালি দিছে বুলি অভিযোগ AIUDF প্ৰধানৰ । বৰ্তমান ভাৰতবৰ্ষত তেনেকুৱা পৰিৱেশ নাই । এয়া ৩০-৪০ বছৰ আগৰ ঘটনা বুলি মন্তব্য কৰে আজমলে । হিন্দু-মুছলমানৰ মাজত কাঁজিয়া লগোৱাৰ উদ্দেশ্যে এই ছবিখন নিৰ্মাণ কৰা হৈছে ।
সংবাদমেল সম্বোধন কৰি ৰাজ্যসভাৰ আসন সন্দৰ্ভতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে আজমলে । লগতে সমগ্ৰ ভাৰতবৰ্ষতে কংগ্ৰেছ দল বিফল হোৱাৰ কথাও উল্লেখ কৰে আজমলে । অসমৰ পৌৰসভা নিৰ্বাচনতো সকলো আসন বিজেপিয়েই লৈ গ'ল । গতিকে ৰাজ্যসভাৰ ক্ষেত্ৰত তেওঁলোকে চেষ্টা চলাই থকাৰ কথা উল্লেখ কৰে । যিহেতু BJP ৰ লগত মাত্ৰ এখন আসনক লৈ চেলেঞ্জ হৈছে, গতিকে সকলো বিৰোধীক এক হৈ যুঁজ দিয়াৰ আহ্বান আজমলৰ ।