হোজাই, 31 জুলাই :হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ ৷ হোজাইৰ যোগীজান বৰপুখুৰী কৃষি বীজ পামত শুকুৰবাৰে 12 হেক্টৰ ভূমিত সিঁচা কঠিয়া খেতিয়কৰ মাজত বিতৰণ কৰে হোজাইৰ কৃষি বিভাগে । হোজাই জিলাত মুঠ সাত ঠাইত প্ৰায় 50 হেক্টৰ মাটিত সিঁচা কঠিয়াই 1,875 জন কৃষকক উপকৃত কৰিব বুলি হোজাইৰ জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই জানিবলৈ দিয়ে । শুকুৰবাৰে প্ৰথম দিনা প্ৰায় 10 জন কৃষকক কঠিয়া বিতৰণ কাৰ্যসূচীৰ আৰম্ভ কৰে জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই । পৰৱৰ্তী সময়ত আন কৃষকসকলকো প্ৰয়োজন অনুসৰি কঠিয়াসমূহ লৈ যাব পাৰিব বুলি জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ।
হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ - agriculture-department-distributed paddy sapling in holai assam\
বীজ পামত শুকুৰবাৰে 12 হেক্টৰ ভূমিত সিঁচা কঠিয়া খেতিয়কৰ মাজত বিতৰণ কৰে হোজাইৰ কৃষি বিভাগে ।
![হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ Hojai agriculture department intention](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8242123-660-8242123-1596183942778.jpg)
হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ
হোজাইত কৃষি বিভাগৰ কঠিয়া বিতৰণ