হোজাই,২৪ ফেব্ৰুৱাৰী :ৰাজ্যত এতিয়া পৌৰ সভা নিৰ্বাচনৰ (Assam municipal election 2022) ব্যাপক প্ৰস্তুতি চলিছে । হোজাই জিলাও ব্যতিক্ৰম নহয় । শাসকীয় বিজেপি আৰু অগপ মিত্ৰজোঁটে ইতিমধ্যে জিলাখনত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে । ইয়াৰ মাজতে নিৰ্বাচন সম্পৰ্কেডবকাত অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি দলে একত্ৰিতভাৱে এক বিশেষ সভাৰ আয়োজন কৰে (Municipal election related meeting at Doboka)।
ডবকাৰ আব্দুল জলিল মেম'ৰিয়েল হলত অনুষ্ঠিত হোৱা সভাখনত ৫ টা ৱাৰ্ডৰ বিজেপিৰ প্ৰাৰ্থী আৰু ৪ টা ৱাৰ্ডৰ অগপ প্ৰাৰ্থীৰ লগতে এজন নিৰ্দলীয় প্ৰাৰ্থীক লগত লৈ মিত্ৰদলে নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰে । সভাত বিজেপিৰ হোজাই জিলাৰ সভাপতি অনুপ কুমাৰ দেৱে সংবাদ মাধ্যমৰ আগত কয় যে নিৰ্বাচনৰ ৰণ কৌশল কি হ'ব সেই সন্দৰ্ভত প্ৰাৰ্থী আৰু কাৰ্যকৰ্তাক লগত লৈ এই সভাত আলোচনা কৰা হৈছে ৷ হোজাই জিলাৰ ৪ খন পৌৰসভাৰ ভিতৰত ইতিমধ্যে লামডিং পৌৰসভাত ১৩ টা ৱাৰ্ডৰ ৭ টাত বিনা প্ৰতিদ্বন্দিতাৰে বিজেপি প্ৰাৰ্থী জয়ী হোৱা বুলি উল্লেখ কৰি জিলা সভাপতি গৰাকীয়ে কয় যে লংকা পৌৰসভাৰ ১১ টা ৱাৰ্ডত বিজেপিয়ে প্ৰাৰ্থী দিয়া হৈছে আৰু তেওঁৰ মতে আটাইকেইটাতে দলৰ প্ৰাৰ্থীসকল জয়ী হোৱাটো নিশ্চিত ৷