হোজাই, 21 মাৰ্চ: ৰাইজে ভাঙি চূৰমাৰ কৰিলে গৰু কঢ়িওৱা বাহন ৷ লংকা-হোজাই সীমামূৰীয়া টেনতুলিত স্থানীয় ৰাইজে গৰু কঢ়িওৱা এখন বাহন ৰাখি চূৰমাৰ কৰে (Public smashed vehicle at Lanka) ৷
লংকা-হোজাই সীমান্তৰ টেনতুলিত দেওবাৰে নিশা সংঘটিত হয় এই অপ্ৰীতিকৰ ঘটনা । ৰাইজে খেদি খেদি আটক কৰিলে এখন গৰুভৰ্তি বাহন (Cattle smuggling vehicle) । স্থানীয় ৰাইজে গৰু চুৰ কৰি অনা বুলি সন্দেহ কৰি AS 02 CC 6922 নম্বৰৰ বাহনখন ৰখাই বিস্তৰ ক্ষতিসাধন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি শান্ত কৰাৰ লগতে বাহনখন জব্দ কৰে ৷