হোজাই, 22 মে' : লংকাৰ মালাকাৰ বস্তিত এক অমানৱীয় ঘটনা সংঘটিত হৈছে ৷ ৬০ ৰ উৰ্ধৰ বৃদ্ধা মহিলাক প্ৰহাৰ কৰে বিদুৎ বিভাগৰ কৰ্মচাৰীৰ লগতে হোম গাৰ্ডে ৷ স্থানীয় লোকে সদৰি কৰা মতে হোজাই জিলাৰ লংকাৰ মালাকাৰ বস্তিৰ শুকৃতি মালাকাৰ নামৰ এগৰাকী ৬০ বছৰীয়া বৃদ্ধাৰ এটা গৰু দুদিন ধৰি নোহোৱা হৈছিল । দুদিনৰ পিছত মহিলা গৰাকীয়ে হেৰুওৱা গৰুৰ সন্ধান পালে শংকৰদেৱ নগৰ ASEB কাৰ্য্যালয়ত । গৰুটো ASEB কাৰ্য্যালয়ত বান্ধি থোৱা অৱস্থাত দেখি মহিলা গৰাকীয়ে গৰুটোক খুলি দিবলৈ অনুৰোধ কৰা টোৱেই জগৰ হ’ল মহিলা গৰাকীৰ ৷
কাৰ্য্যালয়টোত কৰ্তব্যৰত থানেশ্বৰ বৰা নামৰ ASEB ৰ এজন কৰ্মচাৰী আৰু একাংশ গৃহৰক্ষী বাহিনীৰ জোৱানে বৃদ্ধা মহিলা গৰাকীক কাৰেণ্টৰ কেবুলৰে কৰিলে গুৰুলা গুৰুল কৈ প্ৰহাৰ কৰে । মহিলা গৰাকীৰ ভুল মাথো এটাই যে, বৃদ্ধা মহিলা গৰাকীৰ গৰুটোয়ে এৰাল চিগি গৈ ASEBৰ কলনীটোত প্ৰৱেশ কৰিছিল ।