অসম

assam

উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

By

Published : Jun 3, 2021, 1:57 PM IST

মঙলবাৰে নিশাই উদালী কাণ্ডৰ লগত জড়িত 24 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল লংকা আৰক্ষীয়ে ৷ লংকা আৰক্ষীয়ে এই ঘটনা সন্দৰ্ভত চলাই গৈছিল অভিযান ৷ বৃহস্পতিবাৰে পুনৰ দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে । অপৰাধী দুজন ক্ৰমে ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন বুলি জানিবলৈ দিছে আৰক্ষীয়ে । বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৬ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে ।

উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ
উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

হোজাই,3 জুন:হোজাই জিলাৰ লংকাৰ উদালিৰ ক’ভিড কেয়াৰ কেন্দ্ৰত কৰ্মৰত চিকিৎসক গৰাকীক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বুধবাৰ পৰ্যন্ত আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত 24 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ।

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘটনাত জড়িত সকলক অতি শীঘ্ৰেই গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়াৰ পিছত মঙলবাৰে নিশাই হোজাই আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় 24 জনকৈ অভিযুক্তক । ইফালে মহিলাসহ আটাইকেইজন অভিযুক্তক জেৰা অব্যাহত ৰাখিছে হোজাই আৰক্ষীয়ে ।

উদালী কাণ্ডৰ আন দুই অভিযুক্তক গ্ৰেপ্তাৰ

উল্লেখ্য যে, হোজাই জিলাৰ উদালী কাণ্ড সন্দৰ্ভত লংকা আৰক্ষীয়ে চলাই যোৱা অভিযানত বৃহস্পতিবাৰে আৰু দুজন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে । অপৰাধী দুজন ক্ৰমে ইমদাদুৰ ৰহমান আৰু নুৰ হুছেইন বুলি বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

বৰ্তমানলৈকে উদালী কাণ্ডৰ মুঠ ২৬ জন অপৰাধীক গ্ৰেপ্তাৰ কৰিছে লংকা আৰক্ষীয়ে । বুধবাৰে গ্ৰেপ্তাৰ কৰা ২৪ জন অপৰাধীৰ ভিতৰত ৭ জন আৰক্ষীৰ জিম্মাত ১৪ জন ন্যায়িক জিম্মা আৰু ৩ জনক জুবিনেল কাষ্টিডিত দিয়ে আদালতে । বৃহস্পতিবাৰে আটক কৰা দুজনক ইতিমধ্যে হোজাইৰ শংকৰদেৱ নগৰস্থিত আদালতত হাজিৰ কৰে লংকা আৰক্ষীয়ে ।

লগতে পঢ়ক:লংকাৰ চিকিৎসকক আক্ৰমণৰ ঘটনাত জড়িত ২4 জনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details