অসম

assam

By

Published : Aug 17, 2020, 5:16 PM IST

ETV Bharat / state

লামডিঙত পথ দুৰ্ঘটনাঃ পথৰ ওপৰতে জ্বলিল এখন বিলাসী বাহন

সোমবাৰে লামডিং আৰু লংকা সংযোগী ৫৭ নং ৰাষ্টীয় ঘাইপথটোৰ লামডিং স্থিত এছ টাৰ্ণিঙত সংঘটিত হয় এটা ভয়াৱহ পথ দুৰ্ঘটনা । এখন বাহন আৰু আন এখন মটৰ চাইকেলৰ মুখামুখী  সংঘৰ্ষৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ অৱশ্যে দুৰ্ঘটনাটোত কোনো লোক হতা-হত নহ'ল যদিওঁ ঘটনাস্থলীতে জ্বলি উঠিল দুৰ্ঘটনাত পতিত হোৱা টাটাৰ সৰু বিলাসী বাহনখন ।

accident at s turning of Lumding
লামডিঙত পথ দূৰ্ঘটনা : পথৰ ওপৰতে জ্বলিল এখন বিলাসী বাহন

লামডিং,১৭ আগষ্ট: লামডিং আৰু লংকা সংযোগী ৫৭ নং ৰাষ্টীয় ঘাইপথটোৰে AS02V 5056 নম্বৰৰ টাটাৰ এখন বিলাসী বাহন লামডিঙৰ পৰা লংকালৈ গৈ থকা অৱস্থাত লংকাৰ পৰা লামডিঙলৈ আহি থকা বাজাজ এপাচি 180 বাইক খনেৰে মুখামুখি সংঘৰ্ষ হয় । সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোত দুয়োখন বাহনৰে লোক কেইজন কথমপি ৰক্ষা পৰে যদিওঁ ঘটনাস্থলীতে জ্বলি উঠিল দুৰ্ঘটনাত পতিত হোৱা টাটাৰ সৰু বিলাসী বাহনখন ।

লামডিঙত পথ দূৰ্ঘটনা : পথৰ ওপৰতে জ্বলিল এখন বিলাসী বাহন

অৱশ্যে ঘটনাস্থলীত লামডিং অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত বাহনখনৰ অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ।

ABOUT THE AUTHOR

...view details