হোজাই, ২৩ আগষ্ট:ৰাজ্যজুৰি আমছুৰ তীব্ৰ প্ৰতিবাদ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে হোজাইৰ সদৰ শংকৰদেৱ নগৰৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আমছু হোজাই জিলা সমিতিৰ ২ঘন্টীয়া অৱস্থান ধৰ্মঘট(AAMSU protest in Hojai) । সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু কেন্দ্রীয় সমিতিৰ নিৰ্দেশ মৰ্মে হোজাই জিলা আমছু কৰ্মকৰ্তাই আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।
অসমৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদিত লোকৰ লগতে লামডিঙ সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত সকলক পুনৰসংস্থাপন দিয়া, ভূমিহীন লোকক ভূমি পট্টা প্ৰদান কৰা, বিদ্যালয়সমূহত ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি প্ৰদান কৰা, জনসংখ্যা অনুপাতে চৰকাৰী চাকৰি প্ৰদান কৰা,স্কুল সমূহত শিক্ষক বদলিকৰণৰ আগত সেই স্থানত শিক্ষক নিযুক্তি সম্পূৰ্ণ দিয়াৰ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে(Aamsu protests for fulfilling various demands) ।