অসম

assam

ETV Bharat / state

উচ্ছেদিত সকলৰ বাবে প্ৰাপ্য দাবীৰে হোজাইত আমছুৰ উত্তাল প্ৰতিবাদ - উচ্ছেদিত সকলৰ বাবে প্ৰাপ্য দাবীৰে হোজাইত আমছুৰ উত্তাল প্ৰতিবাদ

লামডিং বনাঞ্চলৰ উচ্ছেদিত লোকসকলৰ বাবে প্ৰাপ্য দাবীৰে উপায়ুক্ত কাৰ্য্যলয়ৰ সম্মূখত আমছুৰ হোজাই জিলা সমিতিৰ উত্তাল প্ৰতিবাদ (AAMSU protest with the Evicted people of Lumding forest) ৷

aamsu-protest-with-the-evicted-people-of-lumding-forest-at-hojai
হোজাইত আমছু হোজাই জিলা সমিতিৰ উত্তাল প্ৰতিবাদ

By

Published : Feb 17, 2022, 10:44 PM IST

হোজাই, 17 ফেব্ৰুৱাৰী : হোজাইৰ সদৰ শংকৰদেৱ নগৰত আমছুৰ হোজাই জিলা সমিতিৰ প্ৰতিবাদ ৷ লামডিং বনাঞ্চলৰ উচ্ছদিত লোকসকলক লগত লৈ আমছুৱে এই প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে (AAMSU protests over evicted people) ৷

মঙলবাৰে শংকৰদেৱ নগৰৰ কাছাৰী মৈদানৰ পৰা সমদল কৰি আহি উপায়ুক্ত কাৰ্য্যলয়ৰ সম্মূখত (Deputy Commissioner Office at Hojai) প্ৰতিবাদ সাব্যস্ত কৰি লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতসকলৰ প্ৰাপ্য অধিকাৰ প্ৰাপ্তিৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷

হোজাইত আমছু হোজাই জিলা সমিতিৰ উত্তাল প্ৰতিবাদ

লগতে লামডিং বনাঞ্চলৰ উচ্ছেদৰ পূৰ্বে আমছুৰ লগত চৰকাৰৰ হোৱা আলোচনা মৰ্মে উচ্ছেদিত লোকসকলে লামডিং বনাঞ্চলৰ ভূমিত খেতি কৰা শস্য সমূহ উচ্ছেদিত লোকসকলক আনিবলৈ দিয়াৰো দাবীও জনায় প্ৰতিবাদকাৰী দলটোৱে । ইয়াৰোপৰি হোজাই জিলা উপায়ুক্তৰ জৰিয়তে সামগ্ৰিক ঘটনা সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰদান কৰে ৷

লগতে পঢ়ক :FIR Against Political Leader: ৰাজ্যৰ ৰাজনীতিত এজাহাৰ দাখিলৰ অঘোষিত প্ৰতিযোগিতা

For All Latest Updates

ABOUT THE AUTHOR

...view details