অসম

assam

ETV Bharat / state

হোজাইত আমছুৰ গৃহ কন্দল

হোজাই জিলা বন্ধ ঘোষণাক কেন্দ্ৰ কৰি জিলাখনত আমছুৰ গৃহ কন্দল । ১১ ফ্ৰেব্ৰুৱাৰীত ঘোষণা কৰা বন্ধক অবৈধ আখ্যা নৱ নিৰ্বাচিত সভাপতি ইকবাল হুছেইনৰ ।

হোজাই জিলাত আমছুৰ গৃহ কন্দল
হোজাই জিলাত আমছুৰ গৃহ কন্দল

By

Published : Feb 11, 2021, 12:31 PM IST

হোজাই,১১ ফেব্ৰুৱাৰী: হোজাই জিলাত আমছুৰ গৃহ কন্দল । এটা বিষয়ক লৈ সৰ্বত্ৰে ব্যাপক চৰ্চা । হোজাই জিলা বন্ধ ঘোষণাক কেন্দ্ৰ কৰি বিতৰ্কৰ সূত্ৰপাত হোৱাত জিলাখনত আমছুৰ গৃহ কন্দল চলিছে ।

হোজাইৰ উপায়ুক্তই সমগ্ৰ জিলাখনত মাটি কিনা-বেচা স্থগিতাদেশ কৰি ৰখাক লৈ হোজাই জিলা আমছু জিলা সমিতিয়ে ১১ ফ্ৰেব্ৰুৱাৰীত পুৱা ৬ বজাৰ পৰা দিনৰ ১ বজালৈকে জিলা বন্ধ ঘোষণা কৰিছিল । কিন্তু পৰৱৰ্তী সময়ত দেখা গৈছে যে আমছুৰ আন এক লবী উঠি-পৰি লাগিছে আৰু উক্ত বন্ধক অবৈধ বুলি ঘোষণা কৰি সংবাদ মাধ্যমৰ কাষ চাপিছে ৷

উল্লেখ্য যে, হোজাই জিলা আমছু সভাপতি কবীৰ আহমেদ লস্কৰে জিলাখন বন্ধ ঘোষণা কৰে যদিও সদৌ অসম আমছুৰ নৱগঠিত সমিতি সভাপতি ইকবাল হুছেইনে এই বন্ধৰ বিৰোধিতা কৰি এই বন্ধ অসাংবিধানিক আৰু দুষ্টচক্ৰৰ অপপ্ৰচাৰৰ লগতে এই বন্ধত কোনো বিক্ষিপ্ত ঘটনা ঘটিলে আমছু দলটো জগৰীয়া নহয় বুলি মন্তব্য কৰে ।

লগতে পঢ়ক: সৌৰশক্তি চালিত ফেন্সিঙেৰে ৰোধিব হাতী-মানুহৰ সংঘাত

ABOUT THE AUTHOR

...view details