হোজাই , 10 এপ্ৰিল : প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাচতেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিশেষ তৎপৰ হৈ বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ ড: হিমন্ত বিশ্ব শৰ্মা ৷ এখনৰ পাচত আনখন নিৰ্বাচনী সভা অনুষ্ঠিত কৰি মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছে মন্ত্ৰী গৰাকীয়ে ৷
নগাঁও এতিয়া ৰকিবুলৰ হুছেইনৰ কথামতে নচলিব; কোনে কিয় কলে? - meeting
ৰূপক শৰ্মাৰ হৈ প্ৰচাৰ চলাইছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰচাৰ সভাৰ মাজতেই ভাষণ প্ৰসংগত কংগ্ৰেছ দলক তীব্ৰ বাক্যৰে কটাক্ষ ৷
মংগলবাৰে লামডিং সমষ্টিৰ কাকীত 10 নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ পাচতেই পুনৰ বুধবাৰে লংকাত নিৰ্বাচনী প্ৰচাৰ চলালে মন্ত্ৰী শৰ্মাই | মুঠৰ ওপৰত,10 নং নগাঁও লোকসভা সমষ্টিত বিজেপিৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ এইদৰেই নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে মন্ত্ৰী ড: শৰ্মাই |অনুৰূপ ধৰণে,বুধবাৰেও হেলিকপ্টাৰ যোগে লংকাত উপস্থিত হৈ বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰি 10 নং নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰীগৰাকীয়ে ৷ প্ৰচাৰ সভাৰ মাজতেই ভাষণ প্ৰসংগত কংগ্ৰেছ দলক তীব্ৰ বাক্যৰে কটাক্ষ কৰি নগাঁও এতিয়া ৰকিবুলৰ হুছেইনৰ কথামতে নচলিব বুলি মত প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰৰ উন্নয়ন মূলক আঁচনিৰ বিষয়ে ভাষণ প্ৰদান কৰে |