হোজাই,18 জুন:মঙলবাৰে নিশা হোজাই জিলাৰ ভেলেউগুৰিত এগৰাকী চৈধ্য বছৰীয়া কিশোৰী ঘৰত অকলে থকাৰ সুযোগতে দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰে দুৰ্বৃত্তই ৷ ঘটনাক কেন্দ্ৰ কৰি হোজাই জিলা আদিবাসী ছাত্র সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক শীঘ্ৰে বিচাৰি শাস্তি প্ৰদান কৰাৰ উপৰিও আদিবাসীসকলক নিৰাপত্তা প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰে ৷
নিৰাপত্তা প্ৰদানৰ দাবীত প্ৰতিবাদমুখৰ আদিবাসী ছাত্র সন্থা - আদিবাসী ছাত্ৰ সন্থা
মঙলবাৰে নিশা হোজাইত এগৰাকী কিশোৰী ধৰ্ষণ কৰি হত্যা কৰে দুৰ্বৃত্তই ৷ উক্ত ঘটনাৰ প্ৰতিবাদত আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি দোষীক কৰায়ত্ত কৰিবলৈ চৰকাৰক দাবী জনায় ৷
প্ৰতিবাদমুখৰ আদিবাসী ছাত্র সন্থা
উল্লেখ্য যে,বুধবাৰে এই ঘটনা সংক্ৰান্তত কিশোৰীগৰাকীৰ পৰিয়ালে ডবকা থানাত ৰুজু কৰে এক গোচৰ । আৰক্ষীয়ে উক্ত গোচৰৰ ভিত্তিত ঘটনাটোত জড়িতৰ অভিযোগত চনু গৌড় নামৰ এজন ব্যক্তিক আটক কৰি অব্যাহত ৰাখিছে তদন্ত ৷