হোজাই, 17 জুন : নিচাজাতীয় ঔষধ খুৱাই অচেতন কৰি মাহীয়েকে অপহৰণ কৰিলে কণমানি ভাগিনক ৷ হোজাইৰ মোৰাঝাৰৰ চানাপট্টিত সংঘটিত হৈছে এই অপহৰণ কাণ্ড ৷ হাজিবা বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ ডবকাৰ লংলিবস্তিৰ পৰা মাতৃ লতিফা বেগমৰ সৈতে কণমানিটোৱে ঈদৰ পিচদিনাই গৈছিল হোজাই চানাপট্টিত থকা মোমায়েক ইকবালৰ ঘৰলৈ ৷ কৰ্মসূত্ৰে ডিমাপুৰত থকা মাহীয়েক হাজিবা বেগমে শিশুটি মোমায়েকৰ ঘৰলৈ অহাৰ খবৰ পায় আৰু ডিমাপুৰৰ পৰা উপস্থিত হয় চানাপট্টিত থকা ভাতৃ ইকবালৰ ঘৰত ৷
হোজাইত মাহীয়েকৰ হাতত অপহৃত শিশু - অপহৰণ
হোজাইৰ মোৰাঝাৰৰ চানাপট্টিত সংঘটিত অপহৰণ কাণ্ড ৷ হাজিবা বেগম নামৰ এগৰাকী মহিলাৰ বিৰুদ্ধে উত্থাপিত হৈছে এই অভিযোগ ৷ নিচাজাতীয় ঔষধ মিহলাই অচেতন কৰি অচেতন কৰে পৰিয়ালৰ লোকক ৷ ধনৰ লেনদেনৰ বাবেই অপহৰণ কৰাৰ সন্দেহ ৷

ভাত খোৱাৰ পিচত হাজিবাই সকলোকে পানীৰ লগত নিচাজাতীয় ঔষধ মিহলাই অচেতন কৰি তিনি বছৰীয়া ভাগিনক লৈ পলায়ন কৰে ৷ ইয়াৰ পূৰ্বে ঘৰৰ প্ৰতিগৰাকী সদস্যৰে ম'বাইল ফোনবোৰ বন্ধ কৰি চাউলৰ বস্তাৰ তলত থৈ যায় ৷ আদিলক অপহৰণ কৰি লৈ যাওঁতে মহিলাগৰাকীয়ে ডবকাত থকা আন এজন ভগ্নীক ফোন কৰি আদিলক অপহৰণৰ কথা কোৱাৰ লগতে সকলোৰে ম'বাইল চাউলৰ বস্তাৰ তলত ৰাখিছে বুলি অৱগত কৰে আৰু হোজাই এৰি ডিমাপুৰলৈ পলায়ন কৰে৷ ঘটনা সন্দৰ্ভত মোৰাঝাৰ থানাত সবিশেষ উল্লেখ কৰি গোচৰ দিয়াত আৰক্ষীয়ে ডিমাপুৰ ছয়মাইলৰ লেচুগেটত থকা হাজিবাৰ বাসগৃত অভিযান চলায় যদিও বিফল হয় ৷ হাজিবা আৰু তেওঁৰ স্বামী ইছলাম উদ্দিনে পূৰ্বেই ঘৰত তলা লগাই পলায়ন কৰে ৷ ধনৰ লেনদেনৰ বাবেই অপহৰণ কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে ৷