অসম

assam

ETV Bharat / state

হোজাইত স্বাস্থ্য বিভাগে মুলি কৰিলে ভেকচিন ভান - হোজাইত ক’ভিড

হোজাই জিলাৰ শাৰীৰিকভাৱে অক্ষম আৰু দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱা লোকসকলৰ বাবে আছে এটা সুখবৰ ৷ এতিয়াৰে পৰা ঘৰতেই সকলো চিকিৎসা সেৱা লাভ কৰিব ৰোগীসকলে ৷ ইয়াৰ বাবে হোজাই জিলাৰ স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ ৷

A special vehicle opened  by Health  Department in Hojai District
হোজাইত "ভেকচিন ভেন"ৰ নামৰ এখন বিশেষ বাহন মুকলি স্বাস্থ্য বিভাগৰ

By

Published : Jul 31, 2021, 9:33 AM IST

হোজাই, 31 জুলাই :স্বাস্থ্য খণ্ডত সহায়ক হোৱাকৈ হোজাই জিলা (Hojai District)ৰ লামডিঙত স্বাস্থ্য বিভাগে ল'লে এক বিশেষ প্ৰদক্ষেপ ৷ লামডিঙৰ অসামৰিক চিকিৎসা কেন্দ্ৰ (Lamding Civil Hospital)ত শুকুৰবাৰে "ভেকচিন ভান" নামেৰে এখন বিশেষ বাহন মুকলি কৰে স্বাস্থ্য বিভাগে । লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ (MLA sibu Mishra)ৰ উপস্থিতিত মুকলি কৰা হয় বাহনখন ৷

উল্লেখ্য যে, জিলাখনত যিসকল লোক শাৰীৰিকভাৱে অক্ষম আৰু যিসকল লোক দূৰাৰোগ্য ৰোগত আক্ৰান্ত সেই সকল লোকৰ বাবে আহবঢ়োৱা হৈছে এই বিশেষ বাহনখন ৷ এই বাহন খনৰে তেওঁলোকক ঘৰতে গৈ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব স্বাস্থ্য বিভাগে ৷ তেওঁলোকৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ঘৰতে সুবিধাজনকভাৱে চিকিৎসা সেৱা যাতে লাভ কৰিব পাৰে, সেই উদ্দেশ্যৰেই এই ভেকচিন ভানৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷

হোজাইত "ভেকচিন ভেন"ৰ নামৰ এখন বিশেষ বাহন মুকলি স্বাস্থ্য বিভাগৰ

লগতে পঢ়ক-মেট্ৰিকৰ ফলাফল ঘোষণাৰ দিনটোত হোজাইত নাই পূৰ্বৰ আনন্দ উল্লাহ

বাহনখনৰ শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন সভা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠান উপস্থিত থাকে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰৰ, হোজাই স্বাস্থ্য বিভাগৰ যুঁটীয়া সঞ্চালকৰ লগতে লামডিং অসামৰিক চিকিৎসা কেন্দ্ৰৰ চিকিৎসক, নাৰ্চ তথা সকলো কৰ্মচাৰী ।

ইফালে সমগ্ৰ ৰাজ্যতেই কৰ'ণাই এক ভয়াৱহ পৰিৱেশ সৃষ্টি কৰিছে ৷ এতিয়াও সাধাৰণ অৱস্থালৈ ঘূৰি অহা নাই ৰাজ্যৰ পৰিস্থিতি ৷ প্ৰতিদিনেই বৃদ্ধি হৈয়ে আছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কৰ'ণা ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে ৰাজ্যত লকডাউন জাৰি কৰিছে চৰকাৰে ৷ ক'ভিডত আক্ৰান্ত হোৱা লোকসকলক ইতিমধ্যে চিকিৎসালয় সমূহত চিকিৎসা প্ৰদান কৰাৰ ব্যৱস্থা কৰিছে চৰকাৰ তথা স্বাস্থ্য বিভাগে ৷

ইয়াৰ বিপৰীতে এই ৰোগ যাতে আৰু সংক্ৰমিত হ'ব নোৱাৰে তাৰ বাবে প্ৰতিজন নাগৰিকক বিনামূলীয়া ক'ভিড প্ৰতিষেধক দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷ বৰ্তমানো সকলো জিলাতে ক'ভিড প্ৰতিষেধক প্ৰক্ৰিয়া অব্যাহত আছে ৷

লগতে পঢ়ক-লাভলিনাক লৈ যোৰহাট মেডিকেল কলেজৰ ক'ভিড ৰোগীৰ মাজত আনন্দৰ বন্যা

ABOUT THE AUTHOR

...view details