হোজাই,২৯ ছেপ্টেম্বৰ :ৰাজ্যৰ শিক্ষাখণ্ডৰ উন্নয়নৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ লৈছে (Assam Govt initiative for school development)। চৰকাৰী বিদ্যালয়ৰ শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ বাবেও গুণোৎসৱকে ধৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে । শেহতীয়াকৈ বিদ্যালয় একত্ৰীকৰণৰ (School amalgamation in Assam) জৰিয়তেও বিদ্যালয়ৰ মান উন্নত কৰাত গুৰুত্ব দিছে চৰকাৰে ।
কিন্তু তাৰ পাছতো শোচনীয় অৱস্থা একাংশ চৰকাৰী বিদ্যালয়ৰ (Poor condition of government schools)। কৰবাত যদি শিক্ষাৰ্থীৰ বিপৰীতে শিক্ষকৰ সংখ্যা কম কৰবাত আছে শিক্ষাৰ্থী আছে কিন্তু শিক্ষক-শিক্ষয়িত্ৰী নাই (Teacher shortage)।
তেনে এখন বিদ্যালয়ৰ কথাই আজি আমি উল্লেখ কৰিব বিচাৰিছো । বিদ্যালয়খনৰ শিক্ষাৰ্থীৰ সংখ্যা ১২০ গৰাকী । শিক্ষক-শিক্ষয়িত্ৰী মাত্ৰ দুগৰাকী । তাৰো এগৰাকী শিক্ষয়িত্ৰী আছে ছুটীত । বিমোৰত বিদ্যালয়খনৰ প্ৰধান শিক্ষক । হোজাই জিলাৰ লংকা শিক্ষাখণ্ডৰ অন্তৰ্গত মোৰাঝাৰৰ ত্ৰিশঘৰী চুবুৰী নতুন প্ৰাথমিক বিদ্যালয় দুৰৱস্থা এয়া (Hojai school poor condition)।