অসম

assam

ETV Bharat / state

হোজাই চহৰৰ মাজমজিয়াত দিন ডকাইত

হোজাইৰ পুৰণা বজাৰৰ এজন কণী ব্যৱসায়ী প্ৰশান্ত সাহাৰ দোকানত ডকাইতি কাণ্ড সংঘটিত হয় ৷ চাৰিজনীয়া এটা ডকাইতৰ দলে পিষ্টল, ডেগাৰ আদি দেখুৱাই লুটি নিলে ২০ লাখৰো অধিক ধন ।

a robbery case took place in hojai
a robbery case took place in hojai

By

Published : Jul 28, 2020, 12:39 PM IST

হোজাই, 28 জুলাই : হোজাই চহৰৰ মাজমজিয়াত সংঘটিত হৈছে দিন ডকাইতৰ ঘটনা ৷ হোজাইৰ পুৰণা বজাৰৰ এজন কণী ব্যৱসায়ী প্ৰশান্ত সাহাৰ দোকানত ডকাইতি কাণ্ড সংঘটিত হয় ৷ চাৰিজনীয়া এটা ডকাইতৰ দলে পিষ্টল, ডেগাৰ আদি দেখুৱাই লুটি নিলে ২০ লাখৰো অধিক ধন ।

মঙলবাৰে পুৱা সংঘটিত এই ডকাইতি কাণ্ডক লৈ সমগ্ৰ জিলাখনতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ ঘটনাস্থলীত হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ লগতে হোজাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । আৰক্ষীৰ উচ্চপদস্থ বিষয়াই চৌপাশৰ CCTV ৰ ফুটেজ সংগ্ৰহ কৰি তদন্ত অব্যাহত ৰাখিছে ।

হোজাই চহৰৰ মাজমজিয়াত দিন ডকাইত

উল্লেখ্য যে, বিভিন্ন সময়ত জিলাখনত ডকাইতিকে ধৰি কেতবোৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ আহিছে ৷ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে যদিও ৰোধ কৰিবলৈ সক্ষম হোৱা নাই অপৰাধমূলক ঘটনা ৷ আৰক্ষীৰ অপৰাধ বিৰোধী অভিযানত ক'ত সুৰুঙা ৰৈ গৈছে, যাৰ বাবে অপৰাধীয়ে এটাৰ পাচত আন এটা অপৰাধ সংঘটিত কৰিবলৈ সক্ষম হৈছে সেইয়া বিবেচনা কৰি চোৱাতো অতিশয় তাৎপৰ্যপূৰ্ণ হৈ পৰিছে ৷

লগতে পঢ়ক :১৯৯১ চনৰ ২৭ জুলাই: এই দিনটোত আজিও উচুপে কাৰোবাৰ আত্মীয়ই

ABOUT THE AUTHOR

...view details