অসম

assam

ETV Bharat / state

Child marriage in Hojai : বিবাহ নে মানৱ সৰবৰাহ - আচল উদ্দেশ্য কি ৰাজস্থানী পৰিয়ালৰ? - hojai latest news

ৰাজস্থানৰ পৰা বিবাহ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল দৰাৰ লগতে বৰযাত্ৰী । হোজাই জিলাৰ লংকাৰ পাঞ্জাবী বস্তিত সংঘটিত হৈছে ঘটনাটো ৷ উদ্দেশ্য বিবাহ নে মানৱ সৰবৰাহ বুলিও উঠিছে প্ৰশ্নৰ অৱতাৰণা ৷

Child marriage in Hojai
ৰঙাঘৰৰ আলহী হ’ল দৰাৰ লগতে বৰযাত্ৰী

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 12:11 PM IST

Updated : Oct 10, 2023, 4:38 PM IST

ৰঙাঘৰৰ আলহী হ’ল দৰাৰ লগতে বৰযাত্ৰী

হোজাই, 10 অক্টোবৰ:ৰাজ্যত বাল্য বিবাহ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে সংঘটিত হ’ল আন এক চা়ঞ্চল্যকৰ ঘটনা ৷ বহিঃৰাজ্য ৰাজস্থানৰ পৰা বিবাহ কৰিবলৈ আহি ৰঙাঘৰৰ আলহী হ’ল দৰাৰ লগতে বৰযাত্ৰী । ঘটনাটো সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ পাঞ্জাবী বস্তিত ৷

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লংকাৰ পাঞ্জাবী বস্তিৰ এঘৰ লোকৰ ঘৰৰ এগৰাকী নাবালিকা কিশোৰীক বিয়া পাতিবৰ বাবে আহিছিল ৰাজস্থানৰ দৰাৰ লগতে এটা পৰিয়াল । নাবালিকাগৰাকীৰ মাতৃৰ সম্বন্ধীয় লোকে ৰাজস্থানী পৰিয়ালটোক নাবালিকাগৰাকীৰ ফটো প্ৰেৰণ কৰিছিল বুলি জানিবলৈ দিয়ে ৰাজস্থানী বৰযাত্ৰীৰ পৰিয়ালটোৱে । পিছত, নাবালিকাগৰাকীৰ মাতৃয়ে কিশোৰীগৰাকীক বিবাহ দিবলৈ অমান্তি হোৱাত ঘৰখনত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ।

হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হোৱাত ঘটনাস্থলীত লংকা আৰক্ষী উপস্থিত হৈ ঘটনা সন্দৰ্ভত বুজ লোৱাৰ লগতে ঘটনাৰ সৈতে জড়িত চাৰিগৰাকী মহিলাসহ দৰা আৰু দৰাৰ ককায়েকক আটক কৰে বুলি জানিব পৰা গৈছে । পিছত আটকাধীন মহিলাগৰাকীৰ ভাষ্য অনুসৰি ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰা তিনিজনকৈ ৰাজস্থানী পুৰুষক লংকা আৰক্ষীয়ে ৰে'ল ষ্টেচন সমীপৰ পৰা আটক কৰে ।

বৰ্তমান লংকা আৰক্ষী থানাত আৰক্ষীয়ে চাৰিগৰাকী মহিলা আৰু তিনিজন পুৰুষক আটক কৰিছে আৰু গোচৰটোৰ তদন্ত চলি আছে। গ্ৰেপ্তাৰ কৰা সকলক ৰাজস্থানৰ চুৰু জিলাৰ ৰতনগড়ৰ পৰেমেশ্বৰ জাট (২৭), তেওঁৰ পত্নী শান্তি মান্কি (২৩), ৰামকৰণ জাট (৩০), প্ৰধানদয়াল জাত (২৭) বুলি চিনাক্ত কৰা হৈছে। তেওঁলোকৰ উপৰিও অসমৰ কাৰ্বি আংলঙৰ খেৰণিৰ আৰতি যাদৱ (৬০),গীতা যাদৱ (৫৫) আৰু অসমৰ লংকাৰ বিহাৰী গাঁৱৰ সুনীতা মানকীকো (৪০) জিম্মাত লোৱা হৈছে। দৰাচলতে আটকাধীন পৰিয়ালটোৰ ভাষ্যৰ পৰা তেওঁলোকে প্ৰকৃততে ৰাজস্থানৰ পৰা বিবাহ কৰিবলৈ আহিছিল নে তেওঁলোক নাবালিকা সৰবৰাহৰ সৈতে জড়িত দল সেই সন্দৰ্ভত প্ৰশ্নৰ অৱতাৰণা কৰিছে ৷

অৱশ্যে আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ আচল ৰহস্য ।

লগতে পঢ়ক:Loksabha election 2024 : বিটিচিত প্ৰমোদ বড়োৰ নেতৃত্বত চলিছে হিটলাৰী শাসন; হাগ্ৰামা মহিলাৰী

Last Updated : Oct 10, 2023, 4:38 PM IST

ABOUT THE AUTHOR

...view details