হোজাই, 19 জুলাই : শাওনৰ পথাৰত ব্যস্ততা বাঢ়িছে চহা কৃষকৰ ৷ সময়ৰ কঠিয়া সময়ত ৰুই শেষ কৰাৰ বাবে তৎপৰ হৈ পৰিছে কৃষক-ৰোৱনীসকল ৷ যাৰ বাবে পুৰণি গৰুহালৰ পৰিৱৰ্তে খেতিৰ পথাৰত টেক্টৰ, বৈদ্যুতিক অত্যাধুনিক সা-সঁজুলিৰো ব্যৱহাৰ কৰিছ কৃষকে ৷ ইয়াৰ মাজতে হোজাই জিলা কাকীৰ কাকমাৰী গাঁৱৰ এজন ব্যক্তিয়ে নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিয়াইছে এখন মিনি পাৱাৰ টিলাৰ ৷
নিজা প্ৰচেষ্টাত এখন মিনি পাৱাৰ টিলাৰ নিৰ্মাণ কৰি বৰ্তমান চৰ্চাত থকা ব্যক্তি জনৰ নাম শোভন বৰদলৈ ৷ এই যুৱকজনে ঘৰতে নিৰ্মান কৰিছে এই পাৱাৰ টিলাৰখন ৷ কৰ'ণাৰ বাবে কৰ্মহীন হৈ ঘৰতে থাকিবলগীয়া হোৱাত ব্যক্তিজনে ইউ টিউবত চাই চাইকেল আৰু মটৰ চাইকেলৰ পেলনীয়া সামগ্ৰীৰে আৰু এটা পানী সিঁচা মেচিনৰ ইঞ্জিন ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে এই পাৱাৰ টিলাৰখন ৷ অতি লক্ষণীয়ভাৱে এই পাৱাৰ টিলাৰ খনেৰে এক বিঘা মাটিত হাল বাবলৈ মাত্ৰ সাতশ পঁচিশ গ্ৰাম তেলৰ প্ৰয়োজন হয় ৷