হোজাই,8 অক্টোবৰ:লকডাউনৰ সময়ছোৱাতসমগ্ৰ দেশৰ লগতে ৰাজ্যতো বৃদ্ধি পাইছে বাল্যবিবাহৰ ঘটনা ৷ শেহতীয়াকৈ হোজাই জিলাতো বাল্যবিবাহ সংঘটিত হোৱা পৰিলক্ষিত হৈছে ৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ তৎপৰতাত বৃহস্পতিবাৰে কাকী আৰক্ষী থানাৰ অন্তৰ্গত 2 নং কাকী ৰামপুৰৰ পৰা বিবাহিত অৱস্থাত উদ্ধাৰ হয় এগৰাকী কিশোৰী ৷
উল্লেখ্য যে, 20 ছেপ্তেম্বৰত কাকী ৰামপুৰৰ দিগন্ত ডেকা নামৰ যুৱকজনে লংকাৰ 2 নং ৰে’লগেটৰ পৰা 16 বছৰীয়া কিশোৰী গৰাকীক পলুৱাই নিয়াৰ পাচত দুয়ো বিবাহ পাশত আৱদ্ধ হয় ৷