অসম

assam

ETV Bharat / state

ডকাইতিৰ নাটক কৰি ৰঙাঘৰৰ আলহী যুৱক - Hojai crime news

হোজাইত সংঘটিত আজৱ ঘটনা ৷ হোজাই জিলাৰ লংকা নখুটীত ২লাখ টকা চুৰি হোৱাৰ নাটক কৰি আৰক্ষীৰ হাতত আটক এজন ৷

লক্ষাধিক টকা চুৰি হোৱাৰ অভিনয় কৰি ৰঙাঘৰৰ আলহী যুৱক

By

Published : Nov 17, 2019, 12:43 PM IST

হোজাই,17 নৱেম্বৰ: হোজাই জিলাৰ লংকা নখুটীৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ এক নতুন তথ্য পোহৰলৈ আহিছে ৷ হোজাই জিলাৰ লংকা নখুটীত ২ লাখ টকা চুৰি হোৱাৰ নাটক কৰি আৰক্ষীৰ জালত পৰিল এজন যুৱক । জানিব পৰা মতে, শনিবাৰৰ আবেলি জালালউদ্দিন নামৰ লোকজনে চি এছ পি চেণ্টাৰৰ চবুৰ আহমেদৰ ২ লাখ টকা উঠাই উভতি অহাৰ পথত ডকাইতৰ দল এটাই লোকজনক মাৰ-ধৰ কৰাৰ লগতে চোকা অস্ত্ৰ দেখুৱাই ধনখিনি লৈ যায় বুলি লংকাৰ উদালী আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল চবুৰ আহমেদে । উক্ত ঘটনা সন্দৰ্ভত উদালী আৰু লংকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলাই জালালউদ্দিনক জেৰা কৰাত অন্য এক ঘটনাহে পোহৰলৈ আহে ৷

লক্ষাধিক টকা চুৰি হোৱাৰ অভিনয় কৰি ৰঙাঘৰৰ আলহী যুৱক

প্ৰাপ্ত তথ্যনুসৰি চবুৰ আহমেদ নামৰ চিএছ পি চেণ্টাৰৰ লোকজনে ধনখিনি নিজৰ ভেৰোণীয়া গুণ্ডা বাহিনীৰ সহায়ত আত্মসাৎ কৰি শনিবজাৰৰ এখন গেলামাল দোকানত লুকুৱাই ৰাখি এখন নাটক ৰচনা কৰিছিল । পিছত লংকা আৰক্ষীৰ অনুসন্ধানত প্ৰকৃত তথ্য পোহৰলৈ অহাত আৰক্ষীয়ে জালালউদ্দিনক আটক কৰে ৷

আৰু পঢ়কনগাঁৱৰ পুৰণিগুদামত চাঞ্চল্যকৰ ডকাইতি

ABOUT THE AUTHOR

...view details