হোজাই, 18 আগষ্ট: লামডিঙৰ ইটা ভাট্টা সমীপৰ সাধুখুটিত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি হয় অঞ্চলটোৰে জয়ন্ত দাস ওৰফে আকাশ নামৰ 10 বছৰীয়া কিশোৰটিৰ ৷ স্থানীয় লোকে ঘটনাটো প্ৰতক্ষ কৰি পৰিয়ালক খবৰ দিয়াত স্থানীয় লোকৰ সহযোগত কিশোৰজনক উদ্ধাৰ কৰে পৰিয়ালৰ লোকে ৷ পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে লামডিং অসামৰিক চিকিৎসা কেন্দ্ৰলৈ কিশোৰটিক লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
লামডিঙৰ সাধুখুটিত কিশোৰৰ সলিল সমাধি - A little boy drown at Lamding
আৰক্ষীয়ে কিশোৰজনৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাৱে নগাঁৱলৈ প্ৰেৰণ কৰিছে ৷
লামডিঙৰ সাধুখুটিত কিশোৰৰ সলিল সমাধি
ঘটনা সন্দৰ্ভত লামডিং আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ কিশোৰজনৰ মৃতদেহ নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাৱে নগাঁও লৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে, জৰাংদিচা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীত অধ্যয়ন কৰি আছিল আকাশে ৷ কনমানি আকাশৰ মৃত্যুৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়কঃ উল্টাপানী বনবিভাগৰ কাৰ্যালয়ত আক্ৰমণৰ লগত জড়িত 8 জনক আটক