হোজাই, ২১ ডিচেম্বৰ: হোজাইত আৰক্ষীক উৎকোচ দিবলৈ যোৱা মহিলাৰ বিলৈ । ৰোহিলা খাতুন নামৰ মহিলাগৰাকী থানালৈ গৈছিল পুত্ৰৰ অভিযোগৰ ভিত্তিত ৰুজু হোৱা এক গোচৰৰ সংক্ৰান্তত । কিন্তু গোচৰটোৰ তদন্ত প্ৰক্ৰিয়া ভালদৰে চলোৱাৰ বাবে মহিলাগৰাকী আৰু তেওঁৰ পুত্ৰ আশিকুল ইছলামে উদালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চৰমিন্দৰ সিঙলৈ আগবঢ়াইছিল ৫০০ টকাৰ নোট(Mother-son offering bribe to Hojai police) । পিছে খমখমীয়া নোট উৎকোচ হিচাপে আগবঢ়োৱাৰ পাচতে হতচকিত হৈ পৰে আৰক্ষী বিষয়াগৰাকী ।
আৰক্ষী বিষয়াগৰাকীয়ে লগে লগে হোজাইৰ আৰক্ষী অধীক্ষকগৰাকীক অৱগত কৰে । আৰক্ষী অধীক্ষকগৰাকীৰ নিদেৰ্শমৰ্মে উদালী আৰক্ষীয়ে মাতৃ-পুত্ৰৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰে আৰু দুয়োকে আটক কৰে(Lady held for offering bribe to Hojai police) । সম্প্ৰতি মাতৃ-পুত্ৰৰ জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।