হোজাই,16মে'ঃ শনিবাৰে পুৱতি নিশা হোজাই জিলাৰ কাকীত আটক কৰা হৈছে আলাউদ্দিন নামৰ এটা গৰুচোৰক ৷ জানিব পৰা মতে শনিবাৰে পুৱতি নিশা ২নং কাকীৰ পৰা গৰু চোৰ কৰি নি থকা অৱস্থাত কাকী আৰক্ষীৰ টহলদাৰী গোটে আটক কৰিবলৈ সক্ষম হয় চোৰটোক ৷ধৃত চোৰ আলাউদ্দিনৰ ঘৰ উদালী লাচিত পথাৰত ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি কাকীৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছিল গৰু চোৰৰ ঘটনা ৷ ইতিমধ্যে সহযোগীৰ সন্দৰ্ভত আৰক্ষীয়ে ধৃত আলাউদ্দিনক জেৰা অব্যাহত ৰাখিছে ৷
হোজাইৰ কাকীত আটক গৰুচোৰ - গৰুচোৰ
দীৰ্ঘদিন ধৰি কাকীৰ বিভিন্ন ঠাইত বৃদ্ধি পাইছিল গৰু চোৰৰ ঘটনা ৷ গৰু চোৰ কৰি নি থকা অৱস্থাত কাকী আৰক্ষীৰ টহলদাৰী গোটে আটক কৰিবলৈ সক্ষম হয় আলাউদ্দিন নামৰ এটা চোৰক ৷
![হোজাইৰ কাকীত আটক গৰুচোৰ A Cow thief detained at hojai](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7221039-7-7221039-1589622171154.jpg)
হোজাইৰ কাকীত আটক গৰুচোৰ
Last Updated : May 17, 2020, 12:49 PM IST