হোজাই, 26 নৱেম্বৰঃ কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্ৰণালয়ৰ উচ্চস্তৰীয় কেন্দ্ৰীয় এটি দল বৃহস্পতিবাৰে হোজাইত উপস্থিত হয় ৷ নৰেন্দ্ৰ কুমাৰৰ নেতৃত্বত আৰু অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ সহযোগত দলটিয়ে হোজাই জিলাৰ বানবিধস্ত অঞ্চল পৰিদৰ্শন আৰু ক্ষয়-ক্ষতিৰ বুজ লয় ৷
ইয়াৰ পূৰ্বে কেন্দ্ৰৰ এই দলটিয়ে হোজাই জিলা উপায়ুক্ত আৰু সংশ্লিষ্ট বিভাগসমূহৰ বিষয়া কৰ্মচাৰীৰ সৈতে এক গুৰুত্বপূৰ্ণ সভাত মিলিত হয় ৷ সভাৰ পিচতে হোজাইৰ উপায়ুক্তৰ তত্ত্বাৱধানত দলটিয়ে লংকাজানৰ যমুনাচিটত বানৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মথাউৰী স্থানসমূহ পৰিদৰ্শন কৰি ক্ষয়-ক্ষতিৰ বুজ লয়।