অসম

assam

By

Published : Jan 17, 2020, 12:30 PM IST

ETV Bharat / state

হোজাইত উদ্ধাৰ অচিনাক্ত যুৱতীৰ মৃতদেহঃ ধৰ্ষণৰ সন্দেহ !

হোজাইৰ ভূঞাপট্টি অঞ্চলত ৰে’ল পথৰ দাঁতিত উদ্ধাৰ যুৱতীৰ মৃতদেহ ৷ ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

হোজাইত চাঞ্চল্যকৰ ঘটনা
হোজাইত চাঞ্চল্যকৰ ঘটনা

হোজাই, 17 জানুৱাৰীঃশুক্ৰবাৰে পুৱাই হোজাইত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । হোজাইৰ ভূঞাপট্টি অঞ্চলৰ ৰে’লপথৰ দাঁতিত উদ্ধাৰ এগৰাকী অচিনাক্ত যুৱতীৰ মৃতদেহ । পৰিত্যক্ত যুৱতীগৰাকীৰ মুখৰ পৰা ফেন নিৰ্গত হৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে ৷ অৱশ্যে শৰীৰত কোনো ধৰণৰ আঘাতৰ চিন নাই যুৱতীগৰাকীৰ ।

হোজাইত চাঞ্চল্যকৰ ঘটনা

ধৰ্ষণ কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে । ঘটনাস্থলীত হোজাই আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমান পৰ্যন্ত মৃত যুৱতীগৰাকীৰ পৰিচয় জানিব পৰা হোৱা নাই । বৰ্তমান ঘটনা সন্দৰ্ভত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

ABOUT THE AUTHOR

...view details