অসম

assam

ETV Bharat / state

হোজাইত কেৰালা নাৰী ব্যৱসায়ী চক্ৰৰ পৰা উদ্ধাৰ ৯ যুৱতী : আটক-2

লকডাউন আৰু সান্ধ্য আইনৰ সুযোগ লৈ এতিয়া ৰাজ্যত একাংশ লোকে অব্যাহত ৰাখিছে নাৰী সৰবৰাহ আৰু অংগ ব্যৱসায়ৰ দৰে অনৈতিক কাৰ্যকলাপ ৷ ইয়াৰ সমান্তৰালভাৱে তৎপৰ হৈছে আৰক্ষী-প্ৰশাসনো ৷ ইয়াৰ ফলশ্ৰুতিতেই বিগত কেইবাদিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা উদ্ধাৰ হৈছে বহিঃৰাজ্যত বিক্ৰীৰ বাবে নিয়া কেইবাগৰাকী কিশোৰী-যুৱতী ৷

9 lady rescue from human trafficking racket
হোজাইত কেৰালা নাৰী ব্যৱসায়ী চক্ৰৰ পৰা উদ্ধাৰ ৯ যুৱতী: আটক-2

By

Published : Jul 23, 2021, 7:40 AM IST

হোজাই, 22 জুলাই :হোজাই জিলা আৰক্ষী (Hojai Distric Police)ৰ তৎপৰতাত বুধবাৰে নিশা কেৰালাৰ নাৰী ব্যৱসায়ী চক্ৰ (Human trafficking)ৰ পৰা ৯ গৰাকী যুৱতী উদ্ধাৰ কৰা হয় ৷ বহিঃৰাজ্যত নাৰীদেহ ব্যৱসায়ী চক্ৰৰ হাতত বিক্ৰী হোৱা ৯ গৰাকী যুৱতীক লৈ বুধবাৰে নিশা প্ৰায় 8 বজাত দুই সৰবৰাহকাৰী লংকাত উপস্থিত হয় । হোজাই জিলা আৰক্ষী অধীক্ষকৰ নিৰ্দেশত শংকৰদেৱ নগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মুজিবুৰ ৰহমানৰ নেতৃত্বত আৰক্ষী এটা দলে কেৰালা আৰক্ষীৰ সহযোগত অভিযান চলাই যুৱতীকেইগৰাকীক উদ্ধাৰ কৰে । আৰক্ষীৰ দলটোৱে সৰবৰাহকাৰী দুটাকো আটক কৰে ৷

হোজাইত কেৰালা নাৰী ব্যৱসায়ী চক্ৰৰ পৰা উদ্ধাৰ ৯ যুৱতী: আটক-2

আৰক্ষীৰ দলটোৱে আটক কৰা সৰবৰাহকাৰী দুটা ক্ৰমে মফিজুল হক আৰু ৰকিবুল হক বুলি জানিব পৰা হৈছে ৷ মুজিবুৰ ৰহমানৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে দুই সৰবৰাহকাৰীক আটক কৰি লংকা থানালৈ লৈ আনে । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মফিজুল হক আৰু ৰকিবুল হকে হোজাই জিলাৰ লগতে আন ঠাইৰ পৰা যুৱতীকেইগৰাকীক চাকৰি, ব্যৱসায় আদিৰ প্ৰলোভনেৰে কেৰালালৈ লৈ গৈছিল ।

লংকা আৰক্ষীয়ে সম্প্ৰতি দুই সৰবৰাহকাৰীক জেৰা অব্যাহত ৰাখিছে ৷ আনহাতে কেৰেলাৰ পৰা উদ্ধাৰ কৰা যুৱতীকেইগৰাকীক বৰ্তমান ডবকা মহিলা আশ্ৰয় গৃহত (Doboka Women Shelter Home) ত ৰখা হৈছে ।

আনহাতে, একেদিনাই ৰঙিয়া ৰে’ল ষ্টেচনত (RANGIA RAILWAY STATIONS) তহলদাৰী ৰেলৱে আৰক্ষী (RPF)য়ে মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা 4 গৰাকী কিশোৰী আৰু 2 টা কিশোৰসহ মুঠ ১৫ গৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । তহলদাৰী ৰেলৱে আৰক্ষী (RPF) দলে এগৰাকী মহিলা সৰবৰাহকাৰীকো আটক কৰে ৷ আটক হোৱা মহিলাগৰাকীৰ চাবিনা নায়ক বুলি জানিব পৰা গৈছে ।

উদ্ধাৰ হোৱা আটাইকেইগৰাকীৰ ঘৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত বিন্দুগুৰীত বুলি উল্লেখ কৰিছে আৰক্ষীয়ে । সৰবৰাহকাৰী মহিলাগৰাকীয়ে মুম্বাইৰ মাছৰ কোম্পানী এটাত কাম কৰাৰ প্ৰলোভনেৰে নিবলৈ ওলোৱা মূহুৰ্তত তহলদাৰী ৰেলৱে আৰক্ষীৰ দলে অভিযান চলাই আটাইকেইজনক উদ্ধাৰ কৰে । তাৰ পাচতে সৰবৰাহকাৰীসহ উদ্ধাৰ কৰা আটাইকেইজনক তহলদাৰী ৰেলৱে আৰক্ষীৰ দলে থানাত চমজাই দিয়ে ।

লগতে পঢ়ক :ভাৰত ভূটান সীমান্তত সংঘটিত হ’ল মানৱ সৰবৰাহৰ ঘটনা

ABOUT THE AUTHOR

...view details