অসম

assam

ETV Bharat / state

লামডিঙৰ ৰেলৱে চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰৰ শুভাৰম্ভ - মুকলি

লামডিঙৰ ৰেলৱেৰ চিকিৎসালয়ৰ নতুনকৈ নিৰ্মাণ কৰা ৮০ খন বিচনাযুক্ত বিল্ডিংটো ক'ভিড কেয়াৰ চেণ্টাৰ হিচাবে মুকলি কৰা হ'ল । শুক্ৰবাৰে চিকিৎসালয়খনৰ নৱ নিৰ্মিত ভৱনত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰটোৰ মুকলি কৰিলে লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই । মুকলি অনুস্থানত উপস্থিত থাকে লামডিং অসামৰিক চিকিৎসালয়ৰ চিকিৎসকে ধৰি ৰেলৱে চিকিৎসালয়ৰ চিকিৎসকৰ এটা দল আৰু ৰেলৱে এমপ্লিয়জ ইউনিউন,মজদুৰ ইউনিয়নৰ বহু সংখ্যক সদস্য ।

80 baded covid center opening at lumding railway hospital
লামডিঙৰ ৰেলৱে চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰৰ শুভাৰম্ভ

By

Published : Aug 14, 2020, 9:57 PM IST

লামডিং,১৪ আগষ্ট: ৮০খন বিচনাযুক্ত লামডিং ৰেলৱে চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনটোক ক'ভিড কেয়াৰ চেন্টাৰলৈ পৰিৱৰ্তন কৰি শুক্ৰবাৰে এই নতুন চেণ্টাৰটোৰ শুভাৰম্ভ কৰা হয় ।

লামডিঙৰ ৰেলৱে চিকিৎসালয়ত স্থাপন কৰা ক'ভিড কেয়াৰ চেণ্টাৰৰ শুভাৰম্ভ

স্থানীয় বিধায়ক শিবু মিশ্ৰই মুকলি কৰা এই শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে লামডিং অসামৰিক চিকিৎসালয়ৰ বহুসংখ্যক চিকিৎসকে ধৰি ৰেলৱে চিকিৎসালয়ৰ চিকিৎসকৰ এটা দল আৰু ৰেলৱে এমপ্লিয়জ ইউনিউন,মজদুৰ ইউনিয়নৰ বহু সংখ্যক সদস্য ।

বৰ্তমান ৰাজ্যত মহামাৰী ক’ৰণাই সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত প্ৰতিদিনে বৃদ্ধি পাই আহিছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা ৷ আনফালে হোজাই জিলাতো প্ৰতিদিনে ক’ৰণাত আক্ৰান্ত হৈছে বহু লোক ৷ জিলাখনৰ বিভিন্ন স্থানত হোজাইৰ প্ৰশাসনে ইতিমধ্যে ক'ভিড কেয়াৰ চেন্টাৰ স্থাপন কৰিছে যদিও দূৰত্ব আৰু সময়ৰ নাটনিক লক্ষ্য কৰি লামডিঙৰ বাবে সুবিধাজনক হৈ পৰা নাই এই সমূহ চেণ্টাৰ ।

ইফালে বৰ্তমানলৈকে লামডিঙত ক’ৰনাত আক্ৰান্ত ৰোগীৰ সংখ্যাই শতাধিকৰ ঘৰ অতিক্ৰম কৰিলে ৷ ইতিমধ্যে জিলাখনত থকা ক'ভিড কেয়াৰ চেণ্টাৰ সমূহত ৰোগী ৰখাৰ ব্যৱস্থাৰ নাটনি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰোগীৰ সুবিধাৰ্থে শুক্ৰবাৰে লামডিং ৰেলৱে চিকিৎসালয়খনৰ নৱ নিৰ্মিত ভৱনটোত ৮০খন বিচনা সংযুক্ত কৰি অসম চৰকাৰে ক'ভিড কেয়াৰ চেন্টাৰ হিচাপে কৰিলে মুকলি ।

ABOUT THE AUTHOR

...view details