অসম

assam

ETV Bharat / state

ক'ভিড পৰা পৰিত্ৰাণ পাবলৈ হোজাইত অখণ্ড ভাগৱত পাঠ - হোজাই

বিশ্ব শান্তিৰ লগতে কৰ'ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ হোজাইত ১৯ এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা সাদিনীয়া ভাগৱত পাঠৰ দেওবাৰে অন্ত পৰে ৷ হোজাইৰ লংকা সাৰ্বজনীন নামঘৰত অনুষ্ঠিত হৈছিল এই ভাগৱত পাঠৰ ৷

7 days bhagawat path Programme At Hojai Sarbajanin Namghar
বিশ্ব শান্তি আৰু ক'ভিড পৰা পৰিত্ৰাণ পাবলৈ হোজাইত অখণ্ড ভাগৱত পাঠ

By

Published : Apr 25, 2021, 7:49 PM IST

হোজাই,25 এপ্ৰিল:সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো এতিয়া বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ কৰ'ণা মহামাৰীৰ বাবেই ব্যাহত হৈ পৰিছে সাধাৰণ জন-জীৱন ৷ ইফালে ক'ভিড মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ আৰু বিশ্ব শান্তিৰ বাবে হোজাই জিলাৰ লংকাৰ সৰ্বজনীন নামঘৰত বৃহত্তৰ লংকাবাসী ৰাইজৰ উদ্যোগত ১৯ এপ্ৰিলৰ পৰা সাদিনীয়াকৈ অনুষ্ঠিত হয় অখণ্ড ভাগৱত পাঠ কাৰ্যসূচী ৷

চৰকাৰে জাৰি কৰা ক’ভিড প্ৰট'কল মানি সীমিত সংখ্যক ভক্তপ্ৰাণ লোকৰ উপস্থিতিৰে লংকা সাৰ্বজনীন নামঘৰত অনুষ্ঠিত হোৱা চতুৰ্বিংশতি তম বার্ষিক অখণ্ড ভাগৱত পাঠ মহোৎসৱৰ দেওবাৰে সফলভাবে সামৰণি পৰে।

বিশ্ব শান্তি আৰু ক'ভিড পৰা পৰিত্ৰাণ পাবলৈ হোজাইত অখণ্ড ভাগৱত পাঠ

অখণ্ড ভাগৱত পাঠৰ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি ১৯ এপ্ৰিলৰ পুৱা ৬ বজাত ঊষা কীৰ্তনৰে আৰম্ভ হয় ৷ তাৰ পিচতে অনুষ্ঠানটিৰ ধৰ্মধ্বজা উত্তোলন কৰে ভাগৱত পাঠ পৰিচালনা সমিতিৰ সভাপতি জীৱন তামুলী ফুকনে।

ইফালে পতাকা উত্তোলনৰ পাছতেই লংকা নামঘৰৰ নামঘৰীয়া কানু বৰাই অখণ্ড ভাগৱত পাঠৰ শুভাৰম্ভণী কৰে। সেইদিনটোৰ পৰাই অবিৰতভাৱে চলি থকা সাদিনীয়া অখণ্ড ভাগৱত পাঠৰ দেওবাৰে দুপৰীয়া ১২.৩০ বজাত পাঠৰ সামৰণি পৰে ৷ ইফালে ভকত-বৈষ্ণৱ সকলে দুপৰীয়া গুৰুজনাৰ নাম-প্ৰসংগ কৰাৰ অন্তত প্রসাদ বিতৰণৰে অখণ্ড ভাগৱত পাঠৰ সামৰণি পৰে ৷

উল্লেখ্য যে, প্রতি বছৰৰ দৰে এইবাৰো বৃহত্তৰ লংকাবাসী ৰাইজৰ লগতে কেইবাখনো জিলাৰ পৰা অহা পাঠকসকলে এই অখণ্ড ভাগৱত পাঠত অংশগ্ৰহণ কৰিছে বুলি নামঘৰ পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে জানিবলৈ দিছে।

লগতে পঢ়ক-ৰিতুল শইকীয়াৰ সন্ধান এতিয়াও পোৱা নাই

ABOUT THE AUTHOR

...view details