হোজাই, ২৫ এপ্ৰিল: পৱিত্ৰ ঈদৰ দিনাৰ পৰাই মুখৰ হাঁহি হেৰাল হোজাইৰ কেইবাটাও পৰিয়ালৰ মুখত । হোজাই মহকুমাৰ ডবকা থানাৰ অন্তৰ্গত চৰ্দাৰ গাঁৱৰ পৰা ঈদৰ দিনা অৰ্থাৎ ২২ এপ্ৰিলৰ পৰা পাঁচটিকে শিশু সন্ধানহীন হৈ আছে । জানিবলৈ পৰা অনুসৰি ডবকা থানাৰ অন্তৰ্গত চৰ্দাৰ গাঁৱৰ পাঁচটি শিশু ঈদৰ দিনা ফুৰিবলৈ যোৱাৰ পাছৰে পৰা সন্ধানহীন হৈ আছে (5 children missing in Hojai since Eid) ।
এই বিষয়ে ইতিমধ্যে ডবকা থানাত অভিভাৱকসকলে দাখিল কৰিছে এজাহাৰ । দুটি কন্যা শিশুসহ সন্ধানহীন হোৱা ১০-১২ বছৰ বয়সৰ এই শিশুকেইটিৰ নাম চাইবুৰ ৰহমান, ছাবিনা বেগম, শ্বৰীফ উদ্দিন, ৰবিজা বেগম আৰু ৰমিজ উদ্দিন । সন্ধানহীন হোৱা শিশুকেইটিৰ অভিভাৱকে জানিবলৈ দিয়ামতে ঈদৰ দিনা পুৱাৰ ভাগত প্ৰথমে বুঢ়ি গংগা, পিছত ভেলৌগুৰী আৰু তাৰ পিছত হোজাইত ফুৰিবলৈ আটাইকেইটি শিশু ওলাই যায় (Children from Hojai is missing) ।
নিশাৰ ভাগত হোজাইৰ কোনো এজন লোকে শিশুকেইটি তেওঁলোকৰ ঘৰত থকা বুলি ফোনযোগে পৰিয়ালৰ লোকক অৱগত কৰে । পাছত অভিভাৱকসকলে নিশা শিশুকেইটিক তাতে ৰাখি থ'বলৈ অনুৰোধ জনায় আৰু পুৱাৰ ভাগত আহি লৈ যাব বুলি ফোন কৰা লোকজনক জনায় । কিন্তু পিচদিনা ২৩ এপ্রিলত শিশুকেইটিক অনাৰ বাবে অভিভাৱকসকল লোকজনৰ ঘৰত উপস্থিত হোৱাত তেওঁ জনায় যে, তেওঁলোক পুৱা টোপনিৰ পৰা উঠাৰ পূৰ্বেই শিশুকেইটি তাৰ পৰা পলাই যায় (Children missing in Hojai) ।