অসম

assam

ETV Bharat / state

এটা দুৰ্ঘটনাৰ বাবে একেটা পৰিয়ালৰে ৪ জন সদস্য গ’ল জেললৈ - Hojai Police

স্বামী, শহুৰ, শাহু, দেওৰেক আটাইকেইজন আছে জেল হাজোতত । ন্যায়ৰ আশাত আদালতৰ কাষ চাপিছে এগৰাকী মহিলা । আৰক্ষীয়ে সঠিক তদন্ত নকৰাৰ অভিযোগ তুলিছে মহিলাগৰাকীয়ে । কিন্তু কিয় একেটা পৰিয়ালৰে ৪ জন সদস্য জেললৈ যাবলগীয়া হ'ল ?

4 Person arrested in connection with An accident case at Hojai
হোজাইত পথ দুৰ্ঘটনাক কেন্দ্র কৰি চাৰিজনক জেললৈ প্ৰেৰণ

By

Published : Aug 13, 2021, 6:54 PM IST

হোজাই, ১৩ আগষ্ট: হোজাইত এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি একেটা পৰিয়ালৰে চাৰিজন সদস্য যাবলগীয়া হ'ল জেললৈ । বৰ্তমান ঘৰখনত বাকী ৰোৱা একমাত্ৰ মহিলাগৰাকীয়ে পৰিয়ালৰ সদস্যকেইজনক মুকলি কৰি আনিবলৈ আদালতলৈ অহা-যোৱা কৰিবলগীয়া হৈছে । দৰাচলতে যোৱা ১০ আগষ্টত পূৱ লংকাৰ নিবাসী চেনীৰাম তামুলী, জুনু তামুলী আৰু তেওঁলোকৰ দুই পুত্ৰ লক্ষ্যজ্যোতি তামুলী আৰু হিতেশ্বৰ তামুলী নিজ বাহনেৰে লংকাৰ পৰা নগাঁৱৰ দিশে গৈ আছিল । সেই সময়তে ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনখন দুৰ্ঘটনাত পতিত হয় ।

কপাহবাৰী চাৰিআলিত এই দুৰ্ঘটনা সংঘটিত হয় । কপাহবাৰী দিশৰ পৰা আহি থকা এখন টাটা চুমুৱে খুন্দিয়ায় বিপৰীত দিশৰ পৰা আহি থকা চেনীৰাম তামুলী আৰু তেওঁৰ পৰিয়ালটো থকা বাহনখনত । দুৰ্ঘটনাৰ পাছতে উক্ত স্থানতে দুই পক্ষৰ মাজত হয় তৰ্কা-তৰ্কি আৰম্ভ হয় । পিছত ঘটনাস্থলীত নীলবাগান আৰক্ষী চকীৰ আৰক্ষী বিষয়া উপস্থিত হৈ দুই পক্ষক আৰক্ষী চকীলৈ লৈ যায় ।

হোজাইত পথ দুৰ্ঘটনাক কেন্দ্র কৰি চাৰিজনক জেললৈ প্ৰেৰণ

টাটা চুমুখনৰ গৰাকী মোৰাঝাৰৰ জাকিৰ হুছেইন । দুৰ্ঘটনা সন্দৰ্ভত জাকিৰ হুছেইনে এখন এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰ ভিত্তিত আৰক্ষীয়ে চেনীৰাম তামুলীৰ পৰিয়ালৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে ।

উক্ত গোচৰৰ ভিত্তিত নীলবাগান আৰক্ষীয়ে চেনীৰাম তামুলী, জুনু তামুলী, লক্ষ্যজ্যোতি তামুলী আৰু হিতেশ্বৰ তামুলীক গ্ৰেপ্তাৰ কৰি প্ৰথমে শংকৰদেৱ নগৰ আদালত হাজিৰ কৰায় । পিছত আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰা হয় । ইয়াৰ পাছত লক্ষ্যজ্যোতি তামুলীৰ পত্নীয়ে শংকৰদেৱ নগৰৰ আদালত জামিন আবেদন দাখিল কৰে । আদালতে পৰিয়ালটোৰ দুজন সদস্যক অৰ্থাৎ চেনীৰাম তামুলী আৰু শাহু জুনু তামুলীৰ অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰে ।

আনহাতে, এটা পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি এনেদৰে এটা পৰিয়ালৰ আটাইকেইজন সদস্যক জেল হাজোতলৈ প্ৰেৰণ কৰা ঘটনাই হোজাইত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । লগতে আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো বহুতে প্ৰশ্ন উত্থাপন কৰিছে । আৰক্ষীয়ে সঠিক তদন্ত নকৰা আৰু একপক্ষীয় বিচাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

বৰ্তমানেও চেনীৰাম তামুলীৰ দুই পুত্ৰ জেল হাজোততে আছে । উল্লেখ্য যে, চেনীৰাম তামুলী নগাঁৱৰ আদালতত কাম কৰে । মঙলবাৰে কামৰ খাতিৰতে লংকাৰ পৰা নগাঁও দিশে নিজ বাহনেৰে গৈ থকা অৱস্থাতে সংঘটিত হয় এই দুৰ্ঘটনা । আৰক্ষীয়ে এই ৬০ বছৰীয়া লোকজনক হাৰাশাস্তি ভোগাইছে বুলি বোৱাৰীয়েকে অভিযোগ তুলিছে ।

লগতে পঢ়ক:নতুন ৰূপ পালে ওড়িশাৰ সম্বলপুৰত থকা সাহিত্যৰথীৰ বাসগৃহই

ABOUT THE AUTHOR

...view details