অসম

assam

By

Published : Jun 13, 2020, 7:58 PM IST

ETV Bharat / state

পশ্চিম কাৰ্বিআংলঙত পুনৰ 31 গৰাকী লোক আক্ৰান্ত COVID-19ত

পশ্চিম কাৰ্বিআংলঙত শনিবাৰৰ দিনটোত ৩১ গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19ৰ অৱস্থিতি ৷

31 new corona virus cases found in west karbi anglong
31 new corona virus cases found in west karbi anglong

হোজাই, 13 জুনঃশনিবাৰৰ দিনটোত পশ্চিম কাৰ্বিআংলঙত পুনৰ ৩১ গৰাকী লোকৰ দেহত ধৰা পৰিছে COVID-19 ৰ অৱস্থিতি ৷ লোক কেইগৰাকী কোৱাৰেণ্টাইন হৈ আছিল খেৰণি হাইস্কুল,খেৰণি কপিলী মহাবিদ্যালয়,ডংকামোকাম আদৰ্শ বিদ্যালয় আৰু টুমপ্ৰেঙৰ কোৱাৰেণ্টাইন কেন্দ্ৰত ৷ আনহাতে কেইগৰাকীমান লোকক ইতিমধ্যে হোম কেৱাৰেণ্টাইনলৈয়ো প্ৰেৰণ কৰা হৈছিল ৷

এই ঘটনাক কেন্দ্ৰ কৰি এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চলবাসীৰ মাজত ৷ জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ কৰ্তৃপক্ষই ইতিমধ্যে আক্ৰান্ত লোক কেইগৰাকীক চিকিৎসাৰ বাবে ডিফুলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃযোৰহাট ৰে'ল ষ্টেশ্যনত কৰ'ণাতংক

ABOUT THE AUTHOR

...view details