অসম

assam

ETV Bharat / state

হোজাই আৰক্ষীৰ জালত তিনি ইৰাণী গ্ৰুপৰ সদস্য - ইৰাণী গ্ৰুপ

দিন দুপৰতে সৰ্বসাধাৰণ ৰাইজৰ ধন লুট কৰি ত্ৰাসৰ সৃষ্টি কৰা ইৰাণী গেঙৰ তিনি সদস্য হোজাই আৰক্ষীৰ জালত । লামডিংৰ হোটেলত বাহৰ পাতি থকা অৱস্থাত হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নিউ জলপাইগুৰিৰ কুখ্যাত ইৰাণী সদস্য তিনিটা। ধন লুট কৰাৰ কথা স্বীকাৰ ধৃত কেইজনৰ ।

হোজাই
হোজাই আৰক্ষীৰ জালত তিনি ইৰাণী গ্ৰুপৰ সদস্য

By

Published : Feb 13, 2020, 11:12 PM IST

হোজাই, 13 ফেব্ৰুৱাৰীঃহোজাই আৰক্ষীৰ জালত দিনদুপৰতে সৰ্বসাধাৰণ ৰাইজৰ ধন লুট কৰা ইৰাণী গ্ৰুপৰ তিনি সদস্য । বিগত কেইদিন ধৰি হোজাই চহৰত সংঘটিত হৈ থকা ধন লুটৰ ঘটনাৰ লগত জড়িত ধৃত এই গেঙ অফ থ্ৰী। হোজাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৌতম কুমাৰ আৰু টাউন উপ পৰিদৰ্শক ঋতুপন গগৈৰ প্ৰচেষ্টাত জালত পৰে নিউ জলপাইগুৰিৰ ইৰাণী সদস্য তিনিটা ক্ৰমে ৰাজেশ গোৱালা ওৰফে পাপু, যুগ্নো গোৱালা ওৰফে বিকি আৰু বিজয় গোৱালা ওৰফে ৰাজ। হোজাইত সংঘটিত ধন লুটৰ কেইবাটাও ঘটনাৰ লগত জড়িত ধৃত তিনি সদস্য। সাত মাহ ধৰি হোজাইত সঘনাই ধন লুট কৰা এই তিনি সদস্যই লামডিংৰ এখন হোটেলত বাঁহৰ পাতি থকা অৱস্থাত হোজাই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত এক সংবাদমেলত আৰক্ষী অধীক্ষক অংকুৰ জৈনে ধৃত ইৰাণী সদস্য কেইটাৰ তথ্য ৰাজহুৱা কৰে ।

হোজাই আৰক্ষীৰ জালত তিনি ইৰাণী গ্ৰুপৰ সদস্য

উল্লেখযোগ্য যে, বৰ্তমানলৈকে হোজাই আৰক্ষীয়ে মুঠ চাৰিটা ইৰাণী গ্ৰুপৰ সদস্যক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । ইপিনে ধৃত কেইজনেও কেমেৰাৰ সম্মুখত ধন লুট কৰাৰ কথাও স্বীকাৰ কৰে ।

আৰু পঢ়কঃ বড়ো চুক্তিক লিপষ্টিকৰে তুলনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ABOUT THE AUTHOR

...view details