হোজাই, 2 জুন:হোজাই জিলাৰ লংকাত চিকিৎসকক আক্ৰমণৰ ঘটনাই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ দেশ ৷ জীৱনৰ নিৰাপত্তাক লৈ এতিয়া শংকা প্ৰকাশ কৰিছে চিকিৎসকসকলেও ৷
মঙলবাৰে সংঘটিত চিকিৎসকক আক্ৰমণৰ নিন্দনীয় ঘটনাৰ প্ৰতিবাদত আজি অৰ্থাৎ বুধবাৰে সমগ্ৰ অসমতে বন্ধ আছে বহিঃবিভাগৰ চিকিৎসা সেৱা ৷ আনহাতে, জৰুৰীকালীন সেৱা আৰু ক’ভিড কেন্দ্ৰত কৰ্তব্যৰত চিকিৎসা কৰ্মীসকলে নিজৰ কৰ্তব্য সম্পাদন কৰিব যদিও এইসকল চিকিৎসকে ক'লা বেজ পৰিধান কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ ।
ইফালে নিশাই হোজাই আৰক্ষীয়ে এই আক্ৰমণৰ সৈতে জড়িত থকাৰ জয়নাল উদ্দিন আৰু কামাল উদ্দিন নামৰ দুজন লোকৰ সৈতে 24 জন লোকক গ্ৰেপ্তাৰ কৰিছে । নিশা এই ঘটনাৰ বাবে লংকাৰ উদালীত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ মুখ্যমন্ত্ৰীৰ লগতে স্বাস্থ্যমন্ত্ৰীও তদন্তৰ নিৰ্দেশ দিছে আৰক্ষীৰ শীৰ্ষ মহলক ৷
উল্লেখ্য যে, চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিৰ আৰু নাৰ্চ ললিতা ভৰালী ওপৰত হোৱা বৰ্বৰ আক্ৰমণত জড়িত ২৪ জন অপৰাধীক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷ ইতিমধ্যে চিনাক্ত কৰা অপৰাধীকেইটাৰ নাম হৈছে-
১. ম: কামাৰুদ্দিন
২. ম: জৈনালুদ্দিন
৩. ম: ৰাহানুদ্দিন
৪. চাইফুল আলম
৫. ৰহিমুদ্দিন
৬. ৰিজুল ইছলাম
৭. টাইবুৰ ৰহমান
৮. ৰহিমুদ্দি
৯. আব্দুল কালাম
১০. নুৰজুল ইছলাম
১১. আব্দুল গুমি