অসম

assam

ETV Bharat / state

যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি হোজাইৰ লস্কৰ পথাৰত চাঞ্চল্য - চাঞ্চল্যকৰ পৰিস্থিতি

এজন যুৱকৰ আত্মহত্যাক কেন্দ্ৰ কৰি হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত এক চাঞ্চল্যকৰ পৰিস্থিতি সৃষ্টি হয় ৷ জানিব পৰা মতে প্ৰসান্ত মণ্ডল নামৰ এজন 23 বছৰীয়া যুৱকে গছত চীপ লৈ আত্মহত্যা কৰে ৷

youth commits suicide in hojai
যুৱৰ আত্মহত্যাক কেন্দ্ৰ কৰি হোজাইৰ লস্কৰ পথাৰত চাঞ্চল্যকৰ পৰিস্থিতি

By

Published : Jun 22, 2021, 7:20 PM IST

হোজাই , 22 জুন :সোমবাৰে নিশা এজন যুৱৰ আত্মহত্যাক কেন্দ্ৰ কৰি হোজাই জিলাৰ দক্ষিণ লস্কৰ পথাৰত এক চাঞ্চল্যকৰ পৰিস্থিতি সৃষ্টি হয় ৷ জানিব পৰা মতে প্ৰসান্ত মণ্ডল নামৰ এজন 23 বছৰীয়া যুৱকে গছত চীপ লৈ আত্মহত্যা কৰে ৷

যুৱকজনে কি কাৰণত আত্মহত্যাৰ পথ বাছি ল'লে, সেই কথা বৰ্তমান সময়লৈকে জানিব পৰা হোৱা নাই ৷ উল্লেখ্য যে, এই বিষয়ত পৰিয়ালৰ লোকৰ লগতে স্থানীয় লোকে কোনো বিশেষ মন্তব্য প্ৰকাশ কৰা নাই যদিও একাংশ লোকে প্ৰেমজনীত কাৰণত যুৱকজনে আত্মহত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷

যুৱৰ আত্মহত্যাক কেন্দ্ৰ কৰি হোজাইৰ লস্কৰ পথাৰত চাঞ্চল্যকৰ পৰিস্থিতি

এই ঘটনা সন্দৰ্ভত লংকা আৰক্ষীক খবৰ দিয়াত লংকা আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷ ইয়াৰ লগতে আৰক্ষীয়ে যুৱজনৰ আত্মহত্যা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক:কৰ'ণাত বিধ্বস্ত সৰ্থেবাৰীৰ কাঁহ শিল্প

ABOUT THE AUTHOR

...view details