হোজাই, 20 জুনঃসৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ 52 সংখ্যক মৃত্যু তিথি ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে কলাগুৰু গৰাকীৰ মৃত্যু তিথি ৷
লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস উদযাপন - সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ 51 সংখ্যক মৃত্যু দিৱস
কলাগুৰুৰ 52 সংখ্যক মৃত্যুবাৰ্ষিকী ৷ এই উপলক্ষে শনিবাৰে হোজাই জিলাৰ লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস পালন কৰা হয় ৷ কিন্তু কৰ'ণা মহামাৰীৰ বাবে পূৰ্বৰ তুলনাত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে কলা গুৰুজনাৰ মৃত্যু দিৱস ৷
লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত ৰাভা দিৱস উদযাপন
হোজাই জিলাৰ লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত পালন কৰা হৈছে ৰাভা দিৱস । বিষ্ণু ৰাভাৰ মৃত্যু তিথিত লামডিঙবাসী ৰাইজে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কলাগুৰু জনাক । হোজাই জিলা লামডিং শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্টুপীয়াকৈ পালন কৰা হয় এই ৰাভা দিৱস । ৰাভা সংগীত আৰু কবিতা আবৃত্তিৰ মাজেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাক ৷ কৰ'ণা মহামাৰীৰ বাবে এইবাৰ কম সংখ্যক লোকৰ উপস্থিতিৰে অনুষ্টুপীয়াকৈ পালন কৰা হয় এইবাৰৰ ৰাভা দিৱস ৷