অসম

assam

By

Published : Aug 7, 2019, 9:02 AM IST

ETV Bharat / state

লংকাত দুই সহোদৰৰ সলিল সমাধি

লংকাৰ লস্কৰ পথাৰ কপিলী পাৰৰ নিবাসী চাহিদ আলম আৰু মেহ্বুবে আলম নামৰ শিশু দুটিয়ে মছজিদৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত চাহিদ আলম পথৰ পৰা পিছলি লংকাজান জুৰিত পৰে

পানীত পৰি মৃত্যু দুই সহোদৰৰ


হোজাই, 7 আগষ্টঃ লংকাৰ লস্কৰ পথাৰত অঘটন ৷ মঙলবাৰে সন্ধিয়া মজিদৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত পানীত পৰি মৃত্যু দুই সহোদৰৰ ৷ ঘটনা বিবৰণী অনুসৰি, লংকাৰ লস্কৰ পথাৰ কপিলী পাৰৰ নিবাসী চাহিদ আলম আৰু মেহবুব আলম নামৰ শিশু দুটিয়ে মজিদৰ পৰা ঘৰ অভিমুখে আহি থকা অৱস্থাত চাহিদ আলম পথৰ পৰা পিছলি লংকাজান জুৰিত পৰে ৷ তাৰ পাচতে ভায়েকক বচাবলৈ মেহবুব আলম পানীত নামতেই নৈৰ সোতে উটুৱাই লৈ যায় দুই সহোদৰক ৷ পাচত দুয়োকে স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰে ৷ লংকা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুই সহোদৰৰ মৃতদেহ লংকা আৰক্ষী থানালৈ লৈ আহে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰে ৷

পানীত পৰি মৃত্যু দুই সহোদৰৰ

ABOUT THE AUTHOR

...view details