হোজাই, 6 ছেপ্তেম্বৰ:হোজাই জিলাত পোহৰলৈ আহিছে এক জঘন্য কাণ্ড ৷ মুখেৰে মাতবোল কৰিব নোৱাৰা এগৰাকী 16 বছৰীয়া কিশোৰীগৰাকীক অবৈধ মাতৃত্বৰ বোজা জাপি দিয়াৰ অভিযোগ উঠিছে 50 বছৰীয়া নিতাই দাস নামৰ এজন লোকৰ বিৰুদ্ধে ৷
কাকী খ্ৰীংখ্ৰীং বজাৰস্থিত এখন বাঁহৰ বেৰা নিৰ্মাণ দোকানৰ স্বত্বাধিকাৰী হৈছে অভিযুক্ত নিতাই দাস । নিতাই দাসৰ ঘৰ বৰবহাত বুলি জানিব পৰা গৈছে । পত্নীসহ দুটাকৈ সন্তানৰ পিতৃ হৈছে নিতাই দাস । উল্লেখ্য যে, কিশোৰীগৰাকীৰ পিতৃয়ে নিতাই দাসৰ বাঁহৰ দোকানখনতেই দিন হাজিৰাৰ কাম বন কৰিছিল ।