অসম

assam

ETV Bharat / state

জুৰাপুখুৰীত উন্মোচন কৰা হ'ব ১০০ খন বিচনাযুক্ত জিলা চিকিৎসালয় - জুৰাপুখুৰীৰ ১০০খন বিচনাযুক্ত জিলা চিকিৎসালয়

মঙলবাৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিব হোজাই জিলাৰ জুৰাপুখুৰীৰ ১০০খন বিচনাযুক্ত জিলা চিকিৎসালয়খন ৷ মন্ত্ৰী গৰাকীৰ আগমনক লৈ বিধায়ক শিলাদিত্য দেৱৰ তৎপৰতাত চলিছে ব্যাপক প্ৰস্তুতি ৷

জুৰাপুখুৰীত উন্মোচন কৰা হ'ব ১০০খন বিচনাযুক্ত জিলা চিকিৎসালয়
জুৰাপুখুৰীত উন্মোচন কৰা হ'ব ১০০খন বিচনাযুক্ত জিলা চিকিৎসালয়

By

Published : Feb 22, 2021, 11:05 PM IST

হোজাই,22 ফেব্ৰুৱাৰী: হোজাই জিলাৰ জুৰাপুখুৰীত ১০০খন বিচনাযুক্ত জিলা চিকিৎসালয়খন মঙলবাৰে উন্মোচন কৰিব ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ যাৰ বাবে ব্যস্থ হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে বিজেপিৰ নেতা কৰ্মী সকল ৷ মন্ত্ৰী গৰাকীৰ আগমনক লৈ দিনে নিশাই প্ৰস্তুতি চলাইছে স্থানীয় যুৱক সকলেও ৷ স্থানীয় বিধায়ক শিলাদিত্য দেৱৰ তৎপৰতাত চলিছে এই প্ৰস্তুতি ৷

জুৰাপুখুৰীত উন্মোচন কৰা হ'ব ১০০খন বিচনাযুক্ত জিলা চিকিৎসালয়

উল্লেখ্য যে, অঞ্চলটোৰ দীৰ্ঘদিনীয়া দাবী পুৰন হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ তথা দল-সংগঠন ৷ মঙলবাৰে চিকিৎসালয়খনৰ লগতে মন্ত্ৰী গৰাকীয়ে আৰু কেইবাটাও উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণ কৰি জোৰাপুখুৰী ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব।

জুৰাপুখুৰীত উন্মোচন কৰা হ'ব ১০০খন বিচনাযুক্ত জিলা চিকিৎসালয়

লগতে পঢ়ক:নগাঁও পৰিবহন বিভাগৰ কাৰ্যালয়ত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details