অসম

assam

ETV Bharat / state

হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি : দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা প্ৰশাসনৰ

হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত মঞ্জুবালা ৰায় নামৰ এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি

হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি

By

Published : Jul 10, 2019, 2:43 PM IST

হাইলাকান্দি,১০জুলাই : বুধবাৰে হাইলাকান্দিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। এগৰাকী মহিলাৰ মৃত্যুক কেন্দ্ৰ কৰি হাইলাকান্দি এচ.কে.ৰায় অসামৰিক হাস্পতালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

হাইলাকান্দিত উত্তপ্ত পৰিস্থিতি

মঙলবাৰে মঞ্জুবালা ৰায় নামৰ এগৰাকী মহিলা শ্বাসজনিত ৰোগত অসুস্থ হৈ পৰাত মহিলাগৰাকীক ভৰ্তি কৰা হৈছিল হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত। কিন্তু বুধবাৰে পুৱা হাস্পতালতেই মৃত্যু হয় মহিলাগৰাকীৰ। মহিলাগৰাকীৰ মৃত্যুৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় হাস্পতালখনত। স্থানীয় ৰাইজ তথা পৰিয়ালৰ দাবী চিকিৎসক আৰু নাৰ্ছৰ হেমাহিৰ বাবেই মৃত্যু হয় মহিলাগৰাকীৰ। পৰিয়ালৰ অভিযোগ, হাস্পতালখনত কৰ্তব্যৰত নাৰ্ছ আৰু চিকিৎসকৰ ওচৰত সহায়ৰ বাবে বহুবাৰ যোৱা হৈছিল যদিও কোনো গুৰুত্ব প্ৰদান নকৰিলে চিকিৎসক আৰু নাৰ্ছে। যাৰ বাবে মহিলাগৰাকীৰ মৃত্যু হয় বুলি অভিযোগ উত্থাপন কৰে পৰিয়ালৰ লোকে। ইফালে,মৃতদেহটো ঘৰলৈ লৈ যোৱাক কেন্দ্ৰ কৰিও সৃষ্টি হয় সমস্যাৰ । অৱশেষত জিলা প্ৰশাসনে সমগ্ৰ ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰে আৰু এই ঘোষণাৰ পাছতেই মঞ্জুবালাৰ পৰিয়ালে মৃতদেহটো লৈ যায় ঘৰলৈ।

ABOUT THE AUTHOR

...view details