অসম

assam

ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত বিশুদ্ধ খোৱাপানী আঁচনি

স্বাস্থ্যই পৰম ধন । স্বাস্থ্য ভালে ৰাখিবলৈ হলে প্ৰয়োজন বিশুদ্ধ খোৱাপানীৰ । কিন্তু এটুপী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত বাইহাটা চাৰিআলিৰ পিঙ্গলেশ্বৰবাসী তথা হাইলাকান্দি জিলাৰ অন্তৰ্গত মাটিজুৰীবাসী ৰাইজ ৷

water supply story
ভালুকৰ সাঙীত পৰিণত বিশুদ্ধ খোৱাপানী আঁচনি

By

Published : Sep 8, 2020, 10:08 PM IST

বাইহাটা চাৰিআলি, 8 চেপ্টেম্বৰ: স্বাস্থ্যই পৰম ধন । স্বাস্থ্য ভালে ৰাখিবলৈ হলে প্ৰয়োজন বিশুদ্ধ খোৱাপানীৰ । কিন্তু এটুপী বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত এতিয়া বাইহাটা চাৰিআলিৰ পিঙ্গলেশ্বৰবাসী । ২০ বছৰ আগতে গাঁওখনত জনস্বাস্থ্য কাৰিকৰী বিভাগে নিৰ্মাণ কৰিছিল এটি খোৱাপানী আঁচনি । আঁচনি খন নিৰ্মাণৰ পিছত এবছৰলৈ পিঙ্গলেশ্বৰ গাঁওবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিছিল যদিও বৰ্তমান সেই আঁচনি খন ধোৱাচাঙত পৰিণত হৈছে । জহি খহি যাবলৈ ধৰিছে আঁচনিখনৰ সা-সৰঞ্জাম সমূহ । সৰ্বাধিক আইৰণ থকা পানী বৰ্তমান খাবলৈ বাধ্য হৈছে অঞ্চলবাসীয়ে । সেয়ে এই জহি-খহি যোৱা আঁচনিখন পুনৰ কাৰ্যক্ষম কৰি বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে বিভাগক আহ্বান জনাইছে অঞ্চলবাসীয়ে ।

ভালুকৰ সাঙীত পৰিণত বিশুদ্ধ খোৱাপানী আঁচনি

হাইলাকান্দি, 8 চেপ্টেম্বৰ: হাইলাকান্দি জিলাৰ অন্তৰ্গত মাটিজুৰী গ্ৰাম্য পানী যোগান আঁচনিৰ নামত ১০ কোটি টকাৰ বৃহৎ দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ যাৰ ফলতেই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিৰুদ্ধে মাটিজুৰিৰ ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷ অতি নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰি কাম কৰাত ক্ষুদ্ধ হৈ স্থানীয় ৰাইজৰ লগতে আছু কৰ্মীয়ে পানীৰ পাইপ লাইন আৰু টেংকিৰ কাম বন্ধ কৰি দিয়ে ৷ কামটোৰ দ্বায়িত্বত থকা বিভাগীয় ঠিকাদাৰ আৰু অভিযন্তাৰ নেতৃত্বত এই দুৰ্নীতি চলি থকা বুলিও অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

এতিয়া স্থানীয় ৰাইজে সোনকালেই উক্ত দুৰ্নীতিৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ৰাইজে বিশুদ্ধ খোৱাপানী লাভ কৰাৰ ব্যৱস্থা কৰি দিবলৈ বিভাগীয় কতৃপক্ষৰ ওচৰত দাবী জনাইছে ৷

ভালুকৰ সাঙীত পৰিণত বিশুদ্ধ খোৱাপানী আঁচনি

লগতে পঢ়ক : এখন অৱহেলিত চৰকাৰী চিকিৎসালয়ঃ স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত নৈপৰীয়া ৰাইজ

ABOUT THE AUTHOR

...view details