অসম

assam

ETV Bharat / state

হাইলাকান্দিত শিৱ মন্দিৰৰ মূৰ্তি ভঙাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

হাইলাকান্দিত শিৱ মন্দিৰৰ মূৰ্তি ভঙাকলৈ সৃষ্টি হয় উত্তেজনাময় পৰিৱেশৰ । পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে আৰক্ষীৰ লাঠি চাৰ্জ । লাঠি চাৰ্জত আহত কেইবাগৰাকী প্ৰতিবাদকাৰী ।

Violent protests centered on the demolition of the Shiva temple in Hailakandi
Violent protests centered on the demolition of the Shiva temple in Hailakandi

By

Published : Jun 12, 2020, 5:39 PM IST

হাইলাকান্দি,12 জুনঃহাইলাকান্দিত কোনো দুৰ্বত্তই শিৱ মন্দিৰৰ মূৰ্তি ভঙাক কেন্দ্ৰ কৰি সৃ্ষ্টি হয় উত্তাল প্ৰতিবাদৰ । হাইলাকান্দি জিলাৰ সিংগলা গাঁৱত সংঘটিত হয় ঘটনা । গাঁৱখনৰ একমাত্ৰ শিৱ মন্দিৰৰ মূৰ্তি ভঙাক কেন্দ্ৰ কৰি উদ্ভৱ হয় উত্তাল প্ৰতিবাদৰ । দোষীক গ্ৰেপ্তাৰৰ দাবীত স্থানীয় ৰাইজে অৱৰোধ কৰে পথ ।

হাইলাকান্দিত শিৱ মন্দিৰৰ মূৰ্তি ভঙাক কেন্দ্ৰ কৰি উত্তাল প্ৰতিবাদ

শুকুৰবাৰ পুৱা হাইলাকান্দি জিলাৰ সিংগলা গাঁৱৰ ৰাইজে গাঁৱৰ ভিতৰতে থকা একমাত্ৰ শিৱ মন্দিৰৰ ভিতৰত মূৰ্তিটো ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে । নিশা কোনো দুৰ্বৃত্তৰ দলে মন্দিৰৰ প্ৰাংগণত সোমাই এই কাৰ্য কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ফলত মুহূৰ্তৰ ভিতৰতে গাঁওখনত আৰম্ভ হয় প্ৰতিবাদৰ । দোষীক কৰায়ত্ত কৰাৰ দাবীত নিশাৰ ভিতৰতে হাইলাকান্দিত সংযোগী গড়কপ্তানী পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে ।

এটা সময়ত পৰিস্থিতি ভয়াৱহ ৰূপ লোৱাৰ দিশে উপক্ৰম হোৱাত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে পথ অৱৰোধ কৰা প্ৰতিবাদকাৰীৰ ওপৰত লাঠি চালনা কৰে । আৰক্ষীৰ লাঠি চালনাত আহত হয় কেইবাগৰাকী প্ৰতিবাদকাৰী । বৰ্তমানেও ঘটনাটোক কেন্দ্ৰ কৰি এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলটোত ।

লগতে চাওকঃ গোৰেশ্বৰত পুনৰ 6 জনৰ দেহত কোভিড-19 ৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details