কৰিমগঞ্জ, 7 জুন:বিজেপি চৰকাৰৰ দিনত উত্তৰ-পূৰ্বাঞ্চলত বিশেষকৈ অসমত অস্ত্ৰ এৰি মূল সূঁতিলৈ ঘূৰি আহিল বহু কেইটা উগ্ৰপন্থী সংগঠন ৷ 2020 চনৰ 27 জানুৱাৰীত স্বাক্ষৰিত হোৱা তৃতীয় বড়ো শান্তি চুক্তি বা বিটিআৰ চুক্তিৰ পৰা আৰম্ভ কৰি চলিত বৰ্ষৰ 27 এপ্ৰিলত হোৱা ডি এন এল এৰ সৈতে হোৱা চুক্তিলৈকে, উগ্ৰবাদ নিৰ্মূলৰ ক্ষেত্ৰত বিজেপি চৰকাৰ সফল হোৱা যেন ধাৰণা হয় ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও সদম্ভে দাবী কৰি আহিছে যে, তেওঁলোকৰ শাসনকালত অসমত জনগোষ্ঠীয় বিপ্লৱৰ সম্পূৰ্ণ ৰূপে অন্ত পৰিছে ৷ কিন্তু চুক্তিমতে সকলোবোৰ হৈছে নে ? (Militancy in Assam)
বিভিন্ন সময়ত চৰকাৰৰ সৈতে হোৱা চুক্তি অনুসৰি বিদ্ৰোহী সংগঠন সমূহে সুবিধা লাভ নকৰাৰ বা স্বাক্ষৰিত চুক্তিৰ দফাসমূহ কাৰ্যকৰী নকৰাৰ অভিযোগ উঠি আহিছে ৷ আলোচনাৰ বাবে জংঘলৰ পৰা ওলাই অহা কমতাপুৰ লিবাৰেচন আৰ্মী চমুকৈ কে এল অ’ৰ মুৰব্বী জীৱন সিংহৰ সৈতে হ’ব লগীয়া শান্তি আলোচনা আজিও ওলমি থাকিল অজ্ঞাত কাৰণত ৷ এইবাৰ বৰাকৰ দুটা আত্মসমৰ্পণকাৰী সংগঠনে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে (Tribal militancy in Assam) ৷
12 ডিচেম্বৰ 2022, সশস্ত্ৰ সংগ্ৰামৰ পথ এৰি মূল সূঁতিলৈ উভতি আহিছিল বৰাক উপত্যকাৰ দুটা উগ্ৰপন্থী সংগঠন । সুদীৰ্ঘ 16 বছৰৰ সংগ্ৰামৰ অন্তত অস্ত্ৰ সমৰ্পন কৰিছিল ‘‘ব্ৰু ৰিভলিউছনাৰি আৰ্মি অৱ ইউনিয়ন’’ চমুকৈ‘BRAU’ আৰু ‘‘ইউনাইটেড ডেমক্ৰেটিক লিবাৰেছন ফ্ৰন্ট’’(বৰাক) চমুকৈ UDLF (B) সংগঠনৰ ১১৭৯ গৰাকী সদস্যই । আত্মসমৰ্পণৰ বাবে তেওঁলোকৰ আছিল কিছু সাধাৰণ দাবী (Surrendered rebel group of Barak valley)।