অসম

assam

ETV Bharat / state

দালাল ধৰিছে চৰকাৰে; ক্ষমতা দেখুৱাই মোকলাই নিছে বিৰোধী বিধায়কে ! - Two land brokers released from police station under pressure from MLA

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে সোমবাৰে নিশাৰে পৰা অসম আৰক্ষীয়ে আৰম্ভ কৰিছে মাটিৰ দালাল বিৰোধী অভিযান ৷ অভিযানত ৰাতিটোৰ ভিতৰতে আটক হৈছিল 400 ৰো অধিক মাটিৰ দালাল ৷ কিন্তু ইয়াৰ মাজতে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে প্ৰদৰ্শন কৰিলে অন্য এক ৰূপ ৷

two-land-brokers-released-from-police-station-under-pressure-from-mla-in-haikandi
আৰক্ষীৰ জিম্মাৰ পৰা মাটিৰ দালালক মুক্ত কৰি হাইলাকান্দিত বিধায়কৰ বিজয় উৎসৱ

By

Published : Sep 21, 2021, 10:44 PM IST

হাইলাকান্দি, 21 ছেপ্তেম্বৰ : মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে সমগ্ৰ ৰাজ্যৰ লগতে হাইলাকান্দি জিলাতো তীব্ৰতৰ হৈছে দালাল বিৰোধী অভিযান ৷ হাইলাকান্দি আৰক্ষীয়ে নিশা জিলাৰ আলগাপুৰ, লালা, কাটলিছেড়া সহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকা অভিযোগত 12 জনকৈ লোকক আটক কৰিছিল ৷ কিন্তু আশ্বৰ্যজনক ভাৱে ইয়াৰে 2 জন লোকক আৰক্ষী থানাৰ পৰা মোকলাই নি মালা পিন্ধাই বিজয় উৎসৱ পালন কৰিলে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ৷

আৰক্ষীৰ জিম্মাৰ পৰা মাটিৰ দালালক মুক্ত কৰি হাইলাকান্দিত বিধায়কৰ বিজয় উৎসৱ

এই ঘটনাই এতিয়া সমগ্ৰ হাইলাকান্দিৰ লগতে ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ আনহাতে হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হাইলাকান্দিত আটক হোৱা 12 গৰাকী ব্যক্তিৰ ভিতৰত 5 গৰাকীক এৰি দিয়া হৈছে বুলি মন্তব্য কৰে ৷ বাকী 7 গৰাকী ব্যক্তিক মঙলবাৰে আদালতত হাজিৰ কৰা হয় বুলিও জনায় আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ লগতে এৰি দিয়া কেইগৰাকী মাটি দালালৰ সৈতে জড়িত নহয় বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে ৷

উল্লেখ্য যে, হাইলাকান্দি আৰক্ষীয়ে নিশা জিলাখনৰ আলগাপুৰ, লালা, কাটলিছেড়া সহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকা অভিযোগত 12 জনকৈ লোকক আটক কৰিছিল ৷ ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হৈছিল 4 জন ব্যক্তিক ৷

আটকাধীন দালাল সকলৰ ভিতৰত আছিল ছৰফ উদ্দিন বৰভূঞা নামৰ এগৰাকী পঞ্চায়ত প্ৰতিনিধিও ৷ নিশা এই সকলক আটক কৰি থানাত ৰখাক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে পৰা আলগাপুৰ এলেকাত সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ মাটিৰ দালালৰ পৰিৱৰ্তে নিৰ্দোষী ব্যক্তিক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় ৰাইজে ঘেৰাও কৰে আলগাপুৰ আৰক্ষী চকী ৷ তেওঁলোকৰ প্ৰতিবাদত সমৰ্থন জনাই আগবাঢ়ি আহে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীও ৷

লগতে পঢ়কঃNSCN(IM)ৰ সৈতে আলোচনাত বহিল হিমন্ত বিশ্ব শৰ্মা

প্ৰাপ্ত খবৰ মতে, বিধায়ক গৰাকী থানালৈ আহি কৰ্তব্যৰত আৰক্ষী বিষয়া সকলক আটকাধীন ব্যক্তি সকলক মুক্ত কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে ৷ অৱশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ নামৰ দুই ব্যক্তিক মুক্ত কৰি দিয়ে ৷ ইপিনে, তেওঁলোকক আৰক্ষীয়ে এৰি দিয়াৰ পিছতে ডিঙিত ম‍ালা পিন্ধাই আৰু ফটাকা ফুটাই বিধায়ক নিজাম উদ্দিনৰ বাসগৃহলৈ লৈ যোৱা হয় ৷ স্বয়ং বিধায়কে আদৰণি জনালে এই দুই ব্যক্তিক ৷

উল্লেখ্য যে, বিধায়কৰ হেঁচাত আৰক্ষীয়ে এনেদৰে দুই দলালক এৰি দিয়া ঘটনাই হাইলাকান্দিত সৃষ্টি কৰিছে চাঞ্চল্যৰ ৷ ঘটনাৰ উচিত তদন্তৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে সাধাৰণ ৰাইজে ৷

লগতে পঢ়কঃOperation মাটিৰ দালাল : একে নিশাই গ্ৰেপ্তাৰ ৪৫৩ জন মাটিৰ দালাল

ABOUT THE AUTHOR

...view details