অসম

assam

By

Published : Oct 27, 2020, 12:24 PM IST

ETV Bharat / state

ম্য়ানমাৰৰ পৰা অহা বাৰ্মীজ চুপাৰি আৰু চিগাৰেট জব্দ হ’ল হাইলাকান্দিত

সোমবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জব্দ কৰে বাৰ্মীজ চুপাৰি আৰু চিগাৰেত ভৰ্তি এখন ট্ৰাক ৷ ম্য়ানমাৰৰ পৰা মিজোৰাম হৈ হাইলাকান্দিলৈ আহি থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন ৷ চালক সহ দুজনক আটক কৰিলে আৰক্ষীয়ে ৷

TRUCK SEIZED at Hailakandi
ম্য়ানমাৰৰ পৰা অহা বাৰ্মীজ চুপাৰি আৰু চিগাৰেট জব্দ হ’ল হাইলাকান্দিত

হাইলাকান্দি,27 অক্টোবৰ:দূৰ্গাপূজাৰ সুযোগ লৈ ৰাজ্য়ত অব্য়াহত আছে চোৰাং সামগ্ৰীৰ এখন ৰমৰমীয়া বেহা ৷ আৰক্ষী তথা প্ৰশাসনৰ লোক পুজাৰ কৰ্তব্যত ব্যস্ত থকাৰ সময়তে সোমবাৰে নিশা হাইলাকান্দিত প্ৰৱেশ কৰাৰ সময়তে আৰক্ষীৰ তালাচিত ম্য়ানমাৰৰ পৰা অহা AS 11DC 7173 নম্বৰৰ এখন বাৰ্মীজ চুপাৰি আৰু চিগাৰেত ভৰ্তি ট্ৰাক জব্দ কৰা হয় ।

ম্য়ানমাৰৰ পৰা অহা বাৰ্মীজ চুপাৰি আৰু চিগাৰেট জব্দ হ’ল হাইলাকান্দিত

জানিব পৰা মতে ট্ৰাক খন ম্য়ানমাৰৰ পৰা মিজোৰাম হৈ হাইলাকান্দিলৈ আহি আছিল ৷ কিন্তু কাটলিছেড়া আৰক্ষীৰ তালাছিত কাটলিছেড়া বাইপাছত এই ট্ৰাকখন জব্দ কৰে লগতে দুজন লোকক আটক কৰে।

ম্য়ানমাৰৰ পৰা অহা বাৰ্মীজ চুপাৰি আৰু চিগাৰেট জব্দ হ’ল হাইলাকান্দিত

আটকাধীন লোক দুজন হৈছে সামিম আহমেদ তালুকদাৰ আৰু জয়নাল আহমেদ তালুকদাৰ ৷ ট্ৰাক খনৰ পৰা আৰক্ষীয়ে প্ৰায় ১৫ বেগ বাৰ্মীজ চুপাৰি আৰু ৪৬ কাৰ্টুন চিগাৰেট জব্দ কৰিবলৈ সক্ষম হয় ৷ এই সামগ্ৰী খিনিৰ বজাৰ মূল্য প্ৰায় ১৬ লাখ টকা হ’ব বুলি অনুমান কৰিছে আৰক্ষীয়ে । আটক হোৱা লোক দুজন মংগলবাৰে আদালতলৈ প্ৰেৰণ কৰাৰ লগতে এই চোৰাং কাৰবাৰক লৈ তদন্ত অব্যাহত থাকিব বুলি জনাইছে আৰক্ষী বিষয়াজনে ।

লগতে পঢ়ক:বিজয়া দশমীত তিনিচুকীয়াত 70 ৰ অধিক যুৱকৰ অতপালি

ABOUT THE AUTHOR

...view details