Lachit Divas in Delhi : জনশূণ্য জনতা ভৱন, মন্ত্ৰী-আমোলাৰ দিল্লী গমন
জনশূণ্য জনতা ভৱন (Janata Bhawan)৷ বীৰ লাচিতক বিশ্ব দৰবাৰলৈ নিয়াৰ স্বাৰ্থত বিল্লীত বাহৰ পাতিছেগৈ ৰাজ্যৰ প্ৰায় সকলো মন্ত্ৰী-আমোলাই ৷ জিলা পৰ্যায়ৰ বহু শীৰ্ষ বিষয়াৰো এতিয়া ঠিকনা হৈছেগৈ দিল্লী ৷
Assam govt in debt: এপষেকত 1600 কোটিৰ ঋণ লৈ অভিলেখ অসম চৰকাৰৰ
১৫ দিনত ১৬০০ কোটি টকা ঋণ ল’লে অসম চৰকাৰে ৷ ধনৰ জোৰা মাৰিবলৈ ৰাজ্য চৰকাৰৰ হাহাকাৰ অৱস্থা ৷ যোৱা এটা বছৰতে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ লৈছে প্ৰায় ১৮,০০০ কোটি টকা (Assam govt borrows debt 18000 in one year) ৷ সম্প্ৰতি অসম চৰকাৰৰ ধাৰৰ বোজাই প্ৰায় ১,৩০,০০০ কোটি টকা পাৰ কৰিছে (Assam govt in debt) ৷
Flood affect of Assam: ফেব্ৰুৱাৰীৰ ভিতৰত বানত ক্ষতি হোৱা পথ-দলং-মথাউৰি নিৰ্মাণৰ লক্ষ্য চৰকাৰৰ
কেন্দ্ৰৰ পৰা সাহাৰ্য বিচাৰি অতিৰিক্ত প্ৰতিবেদন দাখিলৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ৷ নিজা পুঁজিৰ পৰা ১৪৮০ কোটি টকা মুকলি কৰে ৰাজ্য চৰকাৰে (Assam Government aims to build roads bridges)৷ ছেপ্টেম্বৰ মাহৰ প্ৰথম সপ্তাহত বানত হোৱা ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ বিৱৰণ দাঙি ধৰি কেন্দ্ৰৰ পৰা মুঠ ৪৪১৬ কোটি টকা বিচাৰি দাখিল কৰা হৈছিল প্ৰতিবেদনখনত ৷
Man Elephant Conflict: নগৰবেৰাত বন্যহস্তীৰ তাণ্ডৱ, খেতিপথাৰ তহিলং হাতীৰ জাকৰ
গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অধিক তীব্ৰতৰ হৈছে বনৰীয়া হাতীৰ উপদ্ৰৱ (Man Elephant Conflict) । শালি ধান পকিবলৈ আৰম্ভ কৰাৰ লগে লগে জিলাখনৰ ৰংজুলি আৰু মাটিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গাঁও সমুহত দৈনিক নিশা বনৰীয়া হাতীৰ জাক খেতি পথাৰত প্ৰৱেশ কৰি তহিলং কৰিছে ধান খেতি (Wild Elephant Destroy Paddy at Nagarbera)।
Maan Attack in Assam: পুৰণিগুদামৰ কাষৰিগাঁৱত মানৰ আক্ৰমণৰ স্মৃতিসৌধ নিৰ্মাণৰ দাবী
অত্যাচাৰী মান সেনাপতি মিংগিমাহা তিলোৱাৰ নেতৃত্বত অসমত কৰা তৃতীয় আক্ৰমণৰ সময়ত মান সেনাই অতি নিৰ্মমভাৱে নিৰীহ অসমীয়া মানুহবোৰক 'যাঁকি' দি হত্যা কৰিছিল (Maan commander Mingimaha Tilwa Assam attack) ৷