হাইলাকান্দি,22 চেপ্তেম্বৰ:নৰেন্দ্ৰ মোডীয়ে 2014 চনত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰিছিল প্ৰধানমন্ত্ৰীৰ দায়িত্ব ৷ দায়িত্ব গ্ৰহণৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিছিল ঘৰে ঘৰে শৌচালয় নিৰ্মাণৰ ৷ এই প্ৰতিশ্ৰুতিৰ ভিত্তিত দেশত আৰম্ভ হৈছিল শৌচালয় নিৰ্মাণৰ কাম ৷ ৰাজ্যতো আৰম্ভ হৈছিল সুলভ শৌচালয় নিৰ্মাণকাৰ্য ৷ কিন্তু ঠায়ে ঠায়ে এই শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ হাইলাকান্দিৰ কাটলিচেৰা সমষ্টিৰ ধলাই মলাই গাঁও পঞ্চায়তত এনে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷ প্ৰাপ্ত তথ্য অনুসৰি, নিম্ন মানৰ কামৰ বাবে নিৰ্মাণৰ দুমাহৰ পিছতে খহি পৰে শৌচালয়ৰ টেংকি ৷ তদুপৰি শৌচালয় নিৰ্মাণৰ দায়িত্বত ন্যস্ত থকা জন উন্নয়ন ক্লাৱৰ বিৰুদ্ধেও উত্থাপিত হৈছে ধন আত্মসাতৰ অভিযোগ ৷
সুলভ শৌচালয়ত নিৰ্মাণত সুলভ হৈছে দুৰ্নীতি
ৰাজ্যত আৰম্ভ হৈছিল সুলভ শৌচালয় নিৰ্মাণকাৰ্য ৷ কিন্তু ঠায়ে ঠায়ে এই শৌচালয় নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ হাইলাকান্দিৰ কাটলিচেৰা সমষ্টিৰ ধলাই মলাই গাঁও পঞ্চায়তত এনে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে হিতাধিকাৰীসকলে ৷
উল্লেখ্য যে, এটা শৌচালয় নিৰ্মাণৰ নামত চৰকাৰে আৱণ্টন দিয়ে 12 হাজাৰ টকা ৷ উক্ত গাঁও পঞ্চায়তখনত প্ৰায় 17 টা চৰকাৰী শৌচালয় নিৰ্মাণ কৰা হৈছে ৷ কিন্তু এই নিৰ্মাণৰ নামত অধিকাংশ ধন আত্মসাৎ কৰিছে নিৰ্মাণকাৰ্যত ন্যস্ত থকা সংস্থাটোৱে ৷ এই দুৰ্নীতিৰ বিৰুদ্ধে জনস্বাস্থ্য কাৰিকৰী বিভাগক হিতাধিকাৰীসকলে অৱগত কৰিছিল যদিও লাভ নকৰিলে কোনো সুফল ৷ শীঘ্ৰে এই শৌচালয় বিসংগতিমুক্তভাৱে নিৰ্মাণ নকৰিলে উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে ৷
লগতে চাওকঃধুবুৰীত আইপিএল ক্ৰিকেটৰ নামত চলিছে জুৱা